NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰী অলিৰ জ্ঞাতসাৰেই নেপালৰ ৭ খন জিলাত ড্ৰেগনৰ আগ্ৰাসন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 5:35 pm
pm__oli.

কেৱল ভাৰততে নহয়,নেপালৰ ওপৰতো লোলুপ দৃষ্টি নিক্ষেপ কৰিছে আগ্ৰাসী চীনে।

ক্ষমতাৰ বাঘজৰী যিকোনো প্ৰকাৰে নিজৰ হাতৰ মুঠিতে ৰখাৰ চিন্তাত ব্যস্ত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে নিজৰ দেশতে ড্ৰেগনৰ এনে আগ্ৰাসন দেখিও নেদেখাৰ ভাও জুৰিছে। চীনৰ ৰোষত পৰি গাদী হেৰুওৱাব বিচৰা নাই প্ৰধানমন্ত্ৰী অলিয়ে।

সেইবাবেই তেওঁ চীনক দিছে নিজ দেশতে আগ্ৰাসম চলোৱাৰ অলিখিত অনুমতি।

প্ৰধানমন্ত্ৰী গৰাকীৰ এনে ভূমিকাক এতিয়া দেশখনৰ শাসকীয় দলৰে বহুতে সমালোচনা কৰিছে।

উল্লেখ্য ড্ৰেগন বাহিনীয়ে ভাৰতৰ লাডাখত আগ্ৰাসন চলোৱাৰ সমান্তৰাল ভাবে নেপালৰো সাত খন জিলা ক্ৰমে ডোলাখা,গোৰ্খা,দাৰচুলা,হুমলা,সিন্ধুপালক,সংখুৱাভা আৰু ৰাপুয়াৰ বৃহৎ অঞ্চলত আগ্ৰাসন চলাইছে।

কেৱল ডোলাখা জিলাতেই চীনে ১,৫০০ মিটাৰ ভিতৰলৈ সোমাই আহি ৫৭ নম্বৰ পিলাৰটো স্থাপন কৰিছে।

নেপালৰ উক্ত সাত খন জিলাৰ বহু ভিতৰলৈ চীনা সেনাই মুক্ত ভাৱে অহা-যোৱা কৰি থকা বুলিও বহুতে কৈ আহিছে।

দেশ খনৰ ভূখণ্ডত চীনৰ সেনাই চলোৱা এনে আগ্ৰাসনৰ বাতৰি প্ৰকাশ কৰা সকলৰ বিৰুদ্ধে অলিৰ চৰকাৰ হৈ পৰিছে জিঘাংসু।

কিছুদিন পূৰ্বে চীনৰ আগ্ৰাসনৰ কথা লিখাৰ পিছতে নেপালৰ সাংবাদিক বলৰাম বানিয়াক নিষ্ঠুৰ ভাৱে হত্যা কৰা হৈছিল।