NORTHEAST NOW (Assamese)
অসম

অসমত আৰু দহ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 10:18 pm
Covid death toll in Assam reaches 930

আৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে—ডিব্ৰুগড়ৰ সুভাষ ঘোষ (৪২), গোলাঘাটৰ ফিৰোজ হুছেইন (৫৭), নগাঁৱৰ ফজলুদ্দিন আহমেদ (৭৩), কামৰূপ মহানগৰৰ মুনৱাৰা বেগম (৪০) আৰু সীঘেশ্বৰ ৰায় (৮৮), কৰিমগঞ্জৰ কল্যাণব্ৰত চৌধুৰী (৫০) আৰু ৰঞ্জনা ভট্টাচাৰ্য্য (৫১), হাইলাকান্দিৰ বিমলনন্দু ৰয় (৬৪) আৰু কাছাৰৰ বিমলেন্দু চক্ৰবৰ্তী (৮৪) আৰু সীতাংশু চন্দা (৭৮)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

বিপৰীতে অসমত মঙলবাৰলৈকে ৫৮,২৯৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৩,৭০১ (।)

আনহাতে, ৮২,২০১গৰাকী ব্যক্তি মঙলবাৰলৈকে অসমত ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।