NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰই চূড়ান্ত কৰিলে নাগা শান্তি চুক্তিৰ খচৰা; পৃথক পতাকাৰ দাবী নাকচ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 10:27 am

কেন্দ্ৰ চৰকাৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন আৰু সামাজিক গোটৰ সমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া নাগা শান্তি চুক্তিৰ খচৰা সম্পুৰ্ণ কৰি তুলিছে।

কেন্দ্ৰ চৰকাৰে এ এছ চি এনে(আই-এম) এই চুক্তিত স্বাক্ষৰ কৰিব নে নকৰে সেয়া স্পষ্ট কৰিবৰ বাবেও স্পষ্ট নিৰ্দেশনা দিছে।

‘‘অতি সোনকালে এই চুক্তি স্বাক্ষৰ কৰাৰ হ’ব। আলোচনা কাল ইতিমধ্যে সমাপ্ত হৈছে কিন্তু বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কিছু পলম হৈছে,’’ নাগালেণ্ডৰ এখন বাতৰি কাকতত এইদৰে প্ৰকাশ পায়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন স্থানৰ বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল।

কিন্তু এইবাৰ কেন্দ্ৰ চৰকাৰে বিদ্ৰোহী সংগঠনসমূহৰ উপৰিও সামাজিক গোট আৰু নাগালেণ্ডৰ চৈধ্যতা জনগোষ্ঠীৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰিব।

নাগালেণ্ডৰ সাতটা বিদ্ৰোহী সংগঠনৰ প্ৰতিনিধি গোট নাগা নেশ্যনেল প’লিটিকেল গ্ৰুপে ইতিমধ্যে খচৰা চুক্তিত সন্মতি প্ৰদান কৰিছে।

আনহাতে, কেন্দ্ৰ চৰকাৰে এন এছ চি এন(আই এম)ক পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী কোনোপধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে।