NORTHEAST NOW (Assamese)
অসম

অ’এনজিচি পাইপেৰে বিষাক্ত গেছ নিৰ্গত; বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথমপি ৰক্ষা হাঁহচৰা লাটুমগাওঁ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 20, 2020 3:06 pm
20200820_130031

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় দুই বজাত ডিমুৱাল তৈলক্ষেত্ৰৰ হাঁহচৰা লাটুম গাঁওত অৱস্থিত অ’এনজিচিৰ ১নং জিজিএচৰ পকা দেৱাল খহি তেল পৰিবাহী পাইপেৰে অহৰহ বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ভয়ংকৰ শব্দৰ সৃষ্টি হয়।

পুৱতি নিশা ডিমুৱাল ১নং জিজিএচত সংঘটিত এই ভয়ংকৰ ঘটনাই আতংকিত কৰি তোলে শিৱসাগৰ হাঁহচৰা  লাটুম গাওঁবাসীক।

এই ঘটনাৰ পিছতেই পুৱতি নিশাই লাটুম গাঁওবাসীয়ে নিৰাপত্তাৰ বাবে শোৱাপাটী এৰি পথৰ কাষত আশ্ৰয় লয়।

প্ৰায় ১ঘণ্টা সময় ধৰি নিৰ্গত হয় এই বিষাক্ত গেছ। অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে এই বিষাক্ত গেছ নিয়ন্ত্ৰণ কৰে।

অ’এনজিচি অধীনৰ এই ১নং জিজিএছত ইয়াৰ কিছু বছৰ পূৰ্বেও ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল কিন্তু অ’এনজিচি কৰ্মচাৰীৰ অৰ্কমণ্যতা, ১নং জিজিএচত কৰ্মৰত অ’এনজিচি কৰ্মচাৰীৰ হেমাহিৰ বাবে পুনৰ শিৱসাগৰৰ হাঁহচৰা লাটুম গাওঁত এনেদৰে পুৱতি নিশা অহৰহ নিৰ্গত হয় বিষাক্ত গেছ।

যদিও এই বিষাক্ত গেছ নিৰ্গত হোৱা ঘটনা নিয়ন্ত্ৰলৈ আহে বৰ্তমানলৈকে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈ আছে।