NORTHEAST NOW (Assamese)
অসম

প্ৰতিবছৰে অসমে লাভ কৰিব দুখনকৈ মেডিকেল কলেজ: স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 20, 2020 7:21 pm
Story-16-1140x570

প্ৰতিবছৰে অসমত দুখনকৈ মেডিকেল কলেজ স্থাপন কৰা হ’ব।বৃহস্পতিবাৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

গুৱাহাটীৰ জিএমচিএইচত লখিমপুৰ মেডিকেল কলেজৰ ২০১গৰাকী ষ্টাফ নাৰ্ছক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত তেওঁ এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে চলিত বছৰৰ নৱেম্বৰৰ পৰাই লখিমপুৰ মেডিকেল কলেজ কামকাজ আৰম্ভ হ’ব।

মেডিকেল কলেজখন ৩৭৮কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ধুবুৰী আৰু নগাঁৱৰ মেডিকেল কলেজ দুখনৰ কাম  ২০২১চনৰ পৰা আৰম্ভ হ’ব।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে জনায় যে বিশ্বনাথ চাৰিআলি, গোৱালপাৰা, কৰিমগঞ্জ আৰু চৰাইদেওতো শীঘ্ৰেই মেডিকেল কলেজ স্থাপন কৰা হ’ব।

তেওঁ জানিবলৈ দিয়ে যে গুৱাহাটীত শীঘ্ৰেই দ্বিতীয়খন মেডিকেল কলেজ স্থাপন কৰা হ’ব।

অহা নৱেম্বৰৰ পৰা চাংসাৰিৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স (এইমছ)ৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে ৰাজ্যখনত শীঘ্ৰেই ১৭খন কেন্সাৰ হাস্পাতল স্থাপন কৰা হ’ব।