NORTHEAST NOW (Assamese)
অসম

১৬ হাজাৰৰ সীমা অতিক্ৰম অসমত ক’ভিড আৰোগ্যৰ, দেওবাৰে মুকলি ৮৫৮

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2020 9:56 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

৮৫৮গৰাকী নতুনকৈ ক’ভিড মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্যৰ সংখ্যাই দেওবাৰে ১৬ হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত এতিয়ালৈকে মুঠ ১৬,০২৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৬৮৯৮গৰাকী।

ইফালে দেওবাৰৰ দিনটোতে অসমত চাৰিগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

ক’ভিডত মৃত্যু হোৱা লোককেইগৰাকী হ’ল কামৰূপ মহানগৰ জিলাৰ প্ৰমোদ চন্দ্ৰ শৰ্মা (৬২) আৰু বীনাপাণি দাস (৭৮), কাছাৰৰ এছ কে ৱাগলে (৪৬) আৰু তিনিচুকীয়াৰ প্ৰশান্ত শইকীয়া (৭৪)।

এইকেইগৰাকী ব্যক্তিক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭গৰাকীলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ২২,৯৮১গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।