NORTHEAST NOW (Assamese)
অসম

অসন্তুষ্ট বি চি চি আই; পদত্যাগ কৰিবলৈ কোৱা হ’ল ছবা কৰিমক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2020 10:17 pm

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটকীপাৰ বেটছমেন তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ মহাপ্ৰৱন্ধক ছবা কৰিমক নিজৰ পদৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছে।

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ‍‘ঘৰুৱা ক্ৰিকেটৰ সৈতে জৰিত কিছু ঘটনাক লৈ কৰিমক পদত্যাগ কৰিবলৈ কোৱা হৈছে’।

বি চি চি আইৰ সূত্ৰটোৱে জনোৱা মতে কৰিমে ইতিমধ্যে ব’ৰ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

অৱশ্যে এই খবৰৰ সত্য সত্যতা সম্পৰ্কে বি চি চি আইয়ে হওক বা কৰিমেই হওক এই পৰ্যন্ত কোনো পক্ষই স্পষ্ট মত প্ৰকাশ কৰা নাই।

উল্লেখ্য যে ২০১৭ চনত গভৰ্নিং বডিত অন্তৰ্ভুক্ত হৈছিল ছবা কৰিম।

আনহাতে বি চি চি আইৰ এটা সূত্ৰই জনাইছিল যে ১৪ জুলাইত মুখ্য পৰিচালন অধিকাৰী হেমাংগ আমীনক অতিৰিক্ত মুখ্য কাৰ্যকৰী অধিকাৰী হিচাপে নিযু্ক্তি দিছে।

আমীনৰ পূৰ্বে ৰাহুল জোহৰীয়ে মুখ্য কাৰ্যকৰী অধিকাৰী পদত অধিষ্ঠিত আছিল। তেওঁ কেইমাহমান পূৰ্বে ইস্তিফা দিছিল।

উল্লেখ্য যে ৫২ বছৰীয়া ছবা কৰিমে ভাৰতৰ হৈ এখন টেষ্ট আৰু ৩৪ খন এদিনীয়া মেচত অংশ লৈছিল।