NORTHEAST NOW (Assamese)
অসম

অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চুপাৰি ছিণ্ডিকেট; জড়িত আছে বিজেপিৰ নেতা-বিধায়ক-মন্ত্ৰী : অখিল গগৈৰ অভিযোগ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 9, 2018 8:17 pm
Akhil Gogoi

“অসম এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চুপাৰি ছিণ্ডিকেটৰ ৰাজ্যত পৰিণত হৈছে, য’ত আৰক্ষী, প্ৰশাসন আৰু মন্ত্ৰীৰ ছত্ৰছায়াত ৰাজ্যৰ কেইবাগৰাকী চুপাৰি মাফিয়াই মুক্তমনে চুপাৰি ছিণ্ডিকেট চলাই নিছে।” আজি গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এই গুৰুতৰ অভিযোগ আনে কৃষক নেতা অখিল গগৈয়ে।  তাৎপৰ্য্যপূৰ্ণভাৱে ভাৰত চৰকাৰৰ সৈতে ম্যানমাৰৰ লগত শুকান চুপাৰি লেনদেনৰ কোনো চুক্তি নাই বুলি সংবাদমেলত গগৈয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “কোনো ব্যৱসায়িক চুক্তি নথকাকৈ ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ পৰা শুকান চুপাৰি আহি আছে।”

আনহাতে, আৰক্ষীৰ উচ্চপদস্থ বিষয়া, মন্ত্ৰীৰ হস্তক্ষেপ থকাৰ বাবে অসমৰ মাজেৰে বহু চুপাৰি সৰবৰাহকাৰীয়ে ট্ৰাকে ট্ৰাকে অবৈধ চুপাৰি কঢ়িয়াই নিয়াৰ সুবিধা লাভ কৰিছে বুলি সংবাদমেল যোগে অভিযোগ কৰে গগৈয়ে।

গোলাঘাট জিলাৰ পৰা আব্দুল হান্নান নামৰ যিটো চুপাৰি মাফিয়াজনে এমাহত ১০০০ ট্ৰাক চুপাৰি ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ পৰা আনি নাগপুৰলৈ প্ৰেৰণ কৰে বুলি সংবাদমেলত দাবী কৰি লগতে কয়, “সেই চুপাৰিখিনি আব্দুল হান্নান নামৰ চুপাৰি মাফিয়াজনে গোলাঘাটৰ চীনাতলী নামৰ ঠাইখনত জমা কৰি তাৰ পাছত নাগপুৰলৈ প্ৰেৰণ কৰে।”

ইয়াৰোপৰি এখন এখন ট্ৰাকত ৮০ লাখ টকাৰ পৰা ১ কোটি টকাৰ ভিতৰত চুপাৰি থাকে বুলি অনুমানিক এক হিচাপ দাঙি ধৰি তেওঁ লগতে কয়, “যদি তেনেকুৱা ১ হাজাৰখন ট্ৰাক যায়, তেন্তে গোলাঘাট জিলাৰ পৰা আব্দুলে প্ৰায় এহাজাৰ কোটি টকাৰ ছিণ্ডিকেট চলায়।”

আনহাতে, আব্দুল হান্নান ওৰফে বাবলুতকৈ ডাঙৰ মাফিয়া অসমত আছে বুলি দাবী কৰি অখিলে লগতে কয়, “তেওঁলোককেইজন হৈছে শিলচৰৰ দীপাংকৰ দেব আৰু অঞ্জন পাল। দীপাংকৰ দেবৰ চুপাৰি চিণ্ডিকেট আব্দুল হান্নানতকৈ যথেষ্ট পৰিমাণে ডাঙৰ।”

তেওঁ লগতে কয়, “শিলচৰৰ দীপাংকৰ দেব পৰিমল শুক্লবৈদ্যৰ মানুহ বুলি অভিযোগ উত্থাপন হৈছে।”

আনহাতে, দীপাংকৰ দেবৰ সৈতে যদি সৎ মন্ত্ৰী পৰিমল শুক্লবৈদ্য জড়িত নাই, তেন্তে বিশাল আকাৰৰ ছিণ্ডিকেট বন্ধ কৰিব লাগে বুলি সংবাদমেলত দাবী জনায় অখিল গগৈয়ে।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন আৰু কাছাৰৰ উপ মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায়ো উক্ত চুপাৰি ছিণ্ডিকেটৰ পৃষ্ঠপোষকতা কৰে বুলি অভিযোগ উত্থাপিত হৈছে বুলি অখিলে সংবাদমেলত কয়।

আনহাতে, উপৰোক্ত আৰক্ষী বিষয়া দুজনৰ গ্ৰীন ছিগনেল আছে বাবেই চুপাৰি ছিণ্ডিকেইট কৰাত সুবিধা হৈছে বুলি সন্দেহ প্ৰকাশ কৰে অখিলে।

তেওঁ লগতে দাবী জনাই কয় যে আৰক্ষী বিষয়াৰ সহযোগ নাথাকিলে অসমৰ মাজেৰে বিদেশৰ পৰা অবৈধ চুপাৰি সৰবৰাহ নহ’লহেঁতেন।

আনহাতে, ‘গোলাঘাটৰ চুপাৰি মাফিয়াটোক গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ে সম্পূৰ্ণৰূপে নিৰাপত্তা দি ৰাখিছে‘ বুলি কৈ অখিলে দাবী কৰি কয়, গোলাঘাটৰ সচেতন লোকসকলৰ ৯৯ শতাংশ মানুহেই এই কথা জানে বুলি কয়।

আনহাতে, অখিল গগৈয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোলাঘাটৰ পল্লৱ শইকীয়া আৰু তেওঁৰ ভায়েক (পেচাত এগৰাকী শিক্ষক)ৰ বিৰুদ্ধেও চুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ তোলে অখিল গগৈয়ে। তেওঁ লগতে কয় ‘ম্যানমাৰৰ পৰা কাৰ্বি আংলং হৈ চুপাৰিসমূহ এই দুজন লোকে গোলাঘাটত প্ৰৱেশ কৰাইহি।‘

এইক্ষেত্ৰত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক চি ভি গাঞ্জেৱালাই উক্ত লোক দুজনক সহায় কৰে বুলি গগৈয়ে সংবাদমেলত কয়।

উল্লেখযোগ্য যে, থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা যিবোৰ চুপাৰি আহে সেইবোৰ চুপাৰি ব্যৱহাৰৰ উপযোগী নহয় তথা মানুহৰ খোৱাৰ কাৰণে উপযুক্ত নহয় বুলি ‘এৰেকা ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট কাউন্সিলে’ গৱেষণা কৰি যোৱা বছৰ ২০ নৱেম্বৰত ঘোষণা কৰিছিল।

ইয়াৰোপৰি ২০১৬ চনৰ ৩০ ছেপ্তেম্বৰত চি আই ডিয়ে অভিযান চলাই কামাখ্যা ৰেইলৱে ষ্টেইশ্যনৰ পৰা ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ পৰা অনা বৃহৎ পৰিমাণৰ চুপাৰি জব্দ কৰিছিল। ব্যৱহাৰৰ অনুপযোগী উক্ত চুপাৰিখিনি ২৮৭টা বেগত ভৰাই অনা হৈছিল আৰু বেগকেইটাত প্ৰায় ৮০ কেজি চুপাৰি আছিল।

কোনো বাণিজ্যিক চুক্তি নথকাৰ পাছতো বিদেশৰ পৰা বৃহৎ পৰিমাণে চুপাৰি আহে যদিও ভাৰতবৰ্ষৰ কাষ্টম ডিপাৰ্টমেণ্টে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই কিয়? প্ৰশ্ন কৰে অখিল গগৈয়ে।

আনহাতে, চুপাৰি চিণ্ডিকেটৰ সৈতে অসমৰ চি আই ডি, বি আই ই অ’ আৰু ডাইৰেক্টৰেট অব ৰেভিনিউ (ৰাজহ) ইণ্টেলিজেন্সি বিদেশৰ পৰা চুপাৰি অনাৰ ক্ষেত্ৰত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰে অখিল গগৈয়ে। অৱশ্যে উক্ত বিভাগৰ বিষয়াসকলৰ নাম উল্লেখৰ পৰা বিৰত থাকে গগৈ।

‘এইটো এটা আন্তঃৰাষ্ট্ৰীয় মাফিয়া তথা অবৈধ চুপাৰি সৰবৰাহকাৰী চক্ৰ।‘ বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক প্ৰশ্ন কৰি কয় “আপুনি যদি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হয়, তেন্তে কেনেকৈ ইমান ডাঙৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অবৈধ সৰবৰাহকাৰী চক্ৰ অসমৰ পৰা পাৰ হৈ যাব পাৰিছে?”

“আপুনি আৰক্ষী সঞ্চালক প্ৰধান হৈ থকা অৱস্থাত কাৰ্বি আংলং, গোলাঘাট আৰু কাছাৰৰ আৰক্ষী অধীক্ষক আৰু কাছাৰৰ ডি আই জিয়ে ছিণ্ডিকেট চলোৱা বুলি অভিযোগ উত্থাপিত হ’ব পাৰিছে?” আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতি প্ৰশ্ন অখিল গগৈৰ।

এইক্ষেত্ৰত এনে ধৰণৰ চিণ্ডিকেটৰাজ বন্ধ কৰিবৰ বাবে শেষবাৰৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক কৃষক নেতাগৰাকীয়ে আহ্বান জনায়।

ইয়াৰোপৰি, চুপাৰি মাফিয়াই মুখ্য মন্ত্ৰী তথা ঘনিষ্ঠক টকা দিয়ে বুলি গুৰুতৰ অভিযোগ কৰে অখিল গগৈয়ে। তেওঁ লগতে অভিযোগ কৰি কয় “আগষ্ট-ছেপ্টেম্বৰ মাহত ২০ কোটি টকা চুপাৰি মাফিয়াই দিয়ে।”