NORTHEAST NOW (Assamese)
অসম

৮ জুনত বাদুংদুপ্পাত শুক্ৰচাৰ্য্য ৰাভাৰ প্রথম মৃত্যু বাৰ্ষিকী পালনৰ যো-জা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2019 4:53 pm
Sukrasarjya Rabha

বিগত বৰ্ষৰ ৮ জুনত আকস্মিকভাৱে দেহাৱসান ঘটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট্য কৰ্মী তথা ‘বাদুংদুপ্পা’ৰ স্ৰষ্টা শুক্ৰাচাৰ্য্য ৰাভাৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠান শনিবাৰে গোৱালপাৰা জিলাৰ আগিয়াস্থিত ৰামপুৰ গাঁৱত অৱস্থিত বাদুংদুপ্পা কলাকেন্দ্ৰত দিনজোৰা কাৰ্য্যসূচীৰ পালন কৰাৰ যো-জা কৰা হৈছে।

১৯৯৮ চনত অক্লান্ত শ্ৰম আৰু নাটকৰ প্ৰতি থকা দুৰ্বাৰ হেপাহৰ বাবে গঠন কৰা বাদুংদুপ্পাৰ জৰিয়তে গোৱালপাৰা জিলাৰ এখন অখ্যাত গাঁৱক তেওঁ বিশ্ব দৰবাৰত চিনাকী কৰাই দিছিল।

শনিবাৰে অসমৰ বিশিষ্ট নাট্যকৰ্মীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত ৰাতিপুৱা ৯.৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। দিনৰ ১১ বজাত ৰাভাৰ গুণমুগ্ধসকলৰ মাজত বাগাংদুপ্পা  কলা কেন্দ্ৰত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু আবেলি শুক্ৰাচাৰ্য্য ৰাভাৰ দ্বাৰা পৰিচালিত প্ৰথমখন আৰু অন্তিমখন নাট ‘তৌখাৰ’ আৰু ‘ছনছ অব আৰ্থ মাদাৰ’ বাদুংদুপ্পাৰ শিল্পীসকলৰ দ্বাৰা পৰিবেশন কৰা হ’ব।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া শিল্পী, সাহিত্যিক তথা বিশিষ্ট ব্যক্তিসকলে প্ৰখ্যাত নাট্যকৰ্মীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, মণিপুৰৰ বিশিষ্ট নাট্যকৰ্মী তথা পদ্মভূষণ এইচ কানাহাইয়ালালৰ ওচৰত নাট্য শাস্ত্ৰৰ আদিপাঠ গ্ৰহণ কৰা শুক্ৰাচাৰ্য্য ৰাভাই বাদুংদুপ্পাৰ জন্ম দি সম্পূৰ্ণ ব্যতিক্ৰম আৰু প্ৰাকৃতিকভাৱে নাট্য চৰ্চাক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল।