NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীত কোভিড-১৯ পজিটিভ আক্ৰান্তৰ সংখ্যা ৩,১৮৮গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 8:21 am
Assam-Police-1140x570

এতিয়ালৈকে মুঠ ৩,১৮৮গৰাকী অসম আৰক্ষীৰ লোকৰ কোভিড-১৯পজিটিভ পোৱা গৈছে।

এই কথা নিশ্চিত কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁৰ টুইটাৰত কয় যে এতিয়ালৈকে অসম আৰক্ষীৰ মুঠ যিমান সংখ্যক লোক কোভিড পজিটিভ ধৰা পৰিছে তাৰ ভিতৰত ২,৪৩৬গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

আনহাতে, এই মাৰাত্মক ৰোগে ৰাজ্যখনৰ ৯গৰাকী আৰক্ষীৰ লোকৰ প্ৰাণ লৈছে বুলি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনায়।

‘’২০ আগষ্ট ২০২০- এতিয়ালৈকে অসম আৰক্ষীৰ ৩,১৮৮গৰাকী লোকৰ পজিটিভ ধৰা পৰিছে। ২৪৩৬গৰাকীয়ে আৰোগ্য লাভ কৰিছে। দুৰ্ভাগ্যজনকভাৱে, আমি এতিয়ালৈকে ৯গৰাকী সতীৰ্থক হেৰুৱাইছে,’’-সিঙে টুইটত লিখিছে।

বৃহস্পতিবাৰে কোভিড-১৯ আক্ৰান্ত হৈ মৃত্যু হোৱা হেড কনিষ্টবল (ডিএছবি) বসন্ত গগৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ চৰাইদেওত এক শোকসভা অনুষ্ঠিত হয়।

শোকসভাত চৰাইদেও আৰক্ষীৰ সকলো পৰ্যায়ৰ আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে আৰু মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

আনহাতে, বৃহস্পতিবাৰে অসমত আৰু আঠগৰাকী কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যখনত মুঠ মৃতকৰ সংখ্যা ২২১জনলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে— কামৰূপৰ মীৰা বেগম (৭০) আৰু চইফুদ্দিন আহমেদ (৪৮), বৰপেটাৰ মুক্তাৰ হুছেইন (৪৯), ডিব্ৰুগড়ৰ চক্ৰধৰ গগৈ (৪৮) আৰু চাও থাৰ্ছা নাংপুং (৬০), কৰিমগঞ্জৰ শুক্লা দত্ত (৬০), কাৰ্বি আংলঙৰ দৰছিং তেৰাং (৪৫) আৰু ধুবুৰীৰ দীপক কুমাৰ ৰাহা (৪৬)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে, বৃহস্পতিবাৰে নতুনকৈ ১৭৩৫গৰাকী ব্যক্তি কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২৫,৪৮০লৈ বৃদ্ধি পাইছে।

অসমত এতিয়ালৈকে চিনাক্ত মুঠ কোভিড পজিটিভ ব্যক্তিৰ সংখ্যা হৈছে ৮৬,০৫২গৰাকী।