NORTHEAST NOW (Assamese)
অসম

চীনৰ সম্পৰ্কিত সংস্থাৰ বাবে বন্দে ভাৰত ৰে’ল নিৰ্মাণৰ টেণ্ডাৰ বাতিল কৰিলে কেন্দ্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 10:38 am
WhatsApp Image 2020-08-22 at 9.47.56 AM

 

চীনৰ সৈতে সম্পৰ্ক থকা একমাত্ৰ এটি যৌথ উদ্যোগৰ সংস্থাই আবেদন জনোৱাৰ বাবে ৪৪খন বন্দে ভাৰত ৰে’ল নিৰ্মাণৰ গ্ল’বেল টেণ্ডাৰ ভাৰতীয় ৰে’লে বাতিল কৰিছে।

ৰে’ল মন্ত্ৰ্যালয়ৰ পৰা শুকুৰবাৰে জানিবলৈ দিয়া হৈছে, ‘’বন্দে ভাৰতৰ ৪৪খন ছেমি হাইস্পীড ৰে’ল নিৰ্মাণৰ টেণ্ডাৰ বাতিল কৰা কৰা হৈছে। মেক ইন ইণ্ডিয়াক অগ্ৰাধিকাৰ দিয়াৰ সংশোধিত নিৰ্দেশনামা অনুসৰি এসপ্তাহৰ ভিতৰতে নতুন টেণ্ডাৰ আহ্বান কৰা হ’ব।‘’

বিষয়াসকলে জানিবলৈ দিয়া মতে, ইয়াৰ বাবে আহ্বান কৰা গ্ল’বেল টেণ্ডাৰত একমাত্ৰ বিদেশী কোম্পানী হিচাপে চীনৰ যৌথ উদ্যোগৰ চিআৰআৰচি পায়’নিয়াৰ ইলেকট্ৰিক প্ৰাইভেট লিমিটেডে আবেদন কৰিছিল।

২০১৫চনত চীনৰ চিআৰআৰচি য়ংজি ইলেকট্ৰিকৰ লগত গুৰগাঁৱৰ পায়’নিয়াৰ ফিলমেড প্ৰাইবেট লিমিটেডৰ সৈতে যৌথভাৱে এই সংস্থাটো গঠন কৰা হৈছিল।

চীনৰ সৈতে সম্পৰ্ক থকা সংস্থাটোৱে ৪৪খন ৰে’ল নিৰ্মাণৰ টেণ্ডাৰত কামটো লাভ কৰাৰ বাবে আগবঢ়াৰ সময়তে চুক্তি বাতিল কৰা হৈছে।

যোৱা ১০জুলাইত চেন্নাইৰ ভাৰতীয় ৰে’লৰ ইন্টিগ্ৰেল কোচ ফেক্টৰীয়ে টেণ্ডাৰ আহ্বান কৰিছিল।

ৰে’ল মন্ত্ৰ্যালয়ৰ সূত্ৰই জানিবলৈ দিয়া মতে, পঞ্জাৱৰ ছাংগৰুৰৰ ভাৰত ইণ্ডাষ্ট্ৰিজ ভাৰত হেভি ইলেকট্ৰিকেলছ লিমিটেড, ইলেক্ট্ৰ’লেভছ ইলেকট্ৰ’নিকছ প্ৰাইভেট লিমিটেড, মেধা চাৰ্ভো ড্ৰাইভছ প্ৰাইভেট লিমিটেড আৰু পায়’নেটিকছ ইকুইপমেন্ট ইণ্ডিয়া প্ৰাইভেট লিমিটেডে টেণ্ডাৰ দাখিল কৰিছিল।

জানিব পৰা মতে, নতুন টেণ্ডাৰত আত্মনিৰ্ভৰ ভাৰতৰ কথা মনত ৰাখি দেশীয় সংস্থাক অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে।