NORTHEAST NOW (Assamese)
অসম

পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান নিৰ্মাণৰ দিশে ভাৰত, ৰাফেলতকৈয়ো হ’ব বহু বেছি শক্তিশালী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 7, 2020 2:41 pm
a aircraft

প্ৰতিৰক্ষা গৱেষণাৰ দিশত ভাৰত আন বহু ৰাষ্ট্ৰ সমানে সমানে আগুৱাই যাবলৈ সক্ষম হৈছে।

ভাৰতে সামৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা হেলিকপ্তাৰ ঘৰুৱা ভাবে প্ৰস্তুত কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ আদিও নিজা উদ্যোগত উৎপাদন কৰিবলৈ সক্ষম হৈছে।

এইবাৰ ভাৰতে নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হৈছে পঞ্চম প্ৰজন্মৰ অতি শক্তিশালী বিমান।

ভাৰতে শেহতীয়াকৈ ফ্ৰান্সৰ পৰা অনা ৰাফেল বিমানতকৈয়ো এই বিমান হ’ব বেছি শক্তিশালী।

কাৰণ ৰাফেল বিমান হৈছে ৪.৫ প্ৰজন্মৰ বিমান । ইয়াৰ বিপৰীতে ভাৰতে নিৰ্মাণ কৰিবলৈ ওলোৱা যুদ্ধ বিমান খন হ’ব পঞ্চম প্ৰজন্মৰ বিমান।

এতিয়ালৈকে জাপান,আমেৰিকা আৰু ৰাছিয়াৰহে এনে বিমান আছে।

ভাৰতে নিৰ্মাণ কৰিবলৈ ওলোৱা পঞ্চম প্ৰজন্মৰ বিমানৰ আৰ্হি প্ৰস্তুত কৰিছে এৰ’নটিকেল ডেভেলপমেণ্টএজেন্সী আৰু এয়াৰ ক্ৰাফট ৰিছাৰ্চ এণ্ড ডিজাইন চেণ্টাৰে।

বিমান খন সাজি উলিয়াব হিন্দুস্তান এৰ’নটিক্স লিমিটেডে।

২০২৯ চনত ভাৰতে সম্পূৰ্ণ নিজাকৈ পঞ্চম প্ৰজন্মৰ বিমান সাজি উলিয়াবলৈ সমৰ্থ হ’ব বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীৰ মতে আত্ম নিৰ্ভৰশীল ভাৰতৰ অধীনত ভাৰতে সামৰিক প্ৰযুক্তিকে ধৰি অন্যান্য ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীল হৈ থকাতকৈ নিজে সকলো উৎপাদন কৰাৰ বিষয়ত গুৰুত্ব দিছে।

ভাৰতৰ পঞ্চম প্ৰজন্মৰ বিমান মাল্টিৰোল হ’ব আৰু ইয়াৰ গতিবেগো হ’ব যথেষ্ট বেছি।