NORTHEAST NOW (Assamese)
দেশ

অপেক্ষা কৰক, উল্টা হৈ যাব এগজিট প’ল : ছোনিয়া গান্ধী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 3, 2024 6:16 pm
অপেক্ষা কৰক, উল্টা হৈ যাব এগজিট প’ল : ছোনিয়া গান্ধী

বিভিন্ন সংগঠনে প্ৰকাশ কৰা বুথ ৰিটাৰ্ণ জৰীপৰ প্ৰতিবেদনে এই কথাই ইংগিত দিছে যে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই গঠন কৰিব নোৱাৰে চৰকাৰ।

বেছিভাগ সমীক্ষাতে বিজেপি মিত্ৰজোঁটে ৩০০ৰো অধিক আসন লাভ কৰাৰ কথা উল্লেখ কৰিছে। অৱশ্যে ফলাফল ঘোষণাৰ এদিন পূৰ্বেও ফলাফলক লৈ আশাবাদী কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ এগজিট প’লৰ পৰা সম্পূৰ্ণ বেলেগ ফলাফল আশা কৰিছে।

ফলাফল সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘আমি ফলাফললৈ অপেক্ষা কৰিব লাগিব। এগজিট প’লে যি কৈছে তাৰ হুবহু বিপৰীত আমি আশা কৰিছো।’

সোমবাৰে দিল্লীস্থিত ডি এম কেৰ কাৰ্যালয় পৰিদৰ্শন কৰে ছোনিয়া গান্ধীয়ে। তেওঁ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পূৰ্বে দেওবাৰে ৰাহুল গান্ধীয়েও এগজিট প’লৰ তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, “এয়া এগজিট প’ল নহয়, ই মোডী মিডিয়া প’ল৷” এইবাৰ ইণ্ডিয়া এলায়েন্সে ২৯৫খন আসন লাভ কৰিব বুলি আশা কৰিছে ৰাহুল গান্ধীয়ে।