NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত ঘূৰি ফুৰিছে চীনৰ ‘মহিলা যীশু’ৱে! চিন্তিত ধৰ্মযাজক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 6:12 pm
Jesus-Cross

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক সংখ্যক খ্ৰীষ্টান লোকৰ বসতি প্ৰধান ৰাজ্য নাগালেণ্ডত এতিয়া ঘূৰি ফুৰিছে ‘চীনৰ যীশু খ্ৰীষ্ট’ই।

চীনৰ এই যীশু খ্ৰীষ্ট আকৌ পুৰুষ নহয়,তেওঁ মহিলা।

মহিলা যীশু খ্ৰীষ্টৰ আগমণকলৈ এতিয়া চিন্তিত হৈ পৰিছে নাগালেণ্ডৰ খ্ৰীষ্টান ধৰ্মযাজক সকল। তেওঁলোকে বিচাৰিছে চীনৰ মহিলা যীশু খ্ৰীষ্টই শীঘ্ৰে নাগালেণ্ডৰ পৰা ওলাই যাওক।

ইয়াকে লৈ নাগালেণ্ডৰ খ্ৰীষ্টান ধৰ্মযাজক সকলৰ মাজত সঘন আলোচনাও চলিছে।

আপুনি হয়তো ভাবিছে যীশু খ্ৰীষ্ট আকৌ মহিলা হ’ল কেতিয়াৰে পৰা। গছৰ ওপৰত গৰু উঠা কথা যেন হ’লেও এয়া সত্য যে বহু খ্ৰীষ্টান লোকেই যীশু খ্ৰীষ্টক নাৰীৰ ৰূপত কল্পনা কৰি আহিছে।

দৰাচলতে ১৯৯৯ চনত চীনত একাংশ খ্ৰীষ্টান লোকে এই মতবাদত বিশ্বাস কৰিবলৈ ধৰে যে ক্ৰুছ বিদ্ধ হোৱাৰ তিনিদিন পিছত যীশু খ্ৰীষ্ট পুনৰ জী উঠিছিল।

এইবাৰ কিন্তু তেওঁ পুৰুষৰ ৰূপত নহয়, নাৰীৰ ৰূপতহে যীশুৰ আবিৰ্ভাৱ হৈছিল।

এই মতবাদত বিশ্বাসী খ্ৰীষ্টান লোক সকলে গঠন কৰিছিল ইষ্টাৰ্ণ লাইটনিং কাল্ট নামৰ এক সংস্থা।এই সংস্থাটোক চাৰ্ছ অৱ অলমাইটি গড নামেৰেও জনা যায়।

সংস্থাটোৰ সদস্য সকলে খ্ৰীষ্টানৰ নিউ টেষ্টামেন্ট মানি নলয়। তেওঁলোকৰ নিজা বাইবেল আছে।

যীশু খ্ৰীষ্টক মহিলাৰ ৰূপত কল্পনা কৰা এই সংস্থাৰ বাইবেলৰ নাম হৈছে দ্য ৱৰ্ল্ড এপিয়াৰ্ছ ইন দ্য ফ্লেছ।

তেওঁলোকে মানি অহা মহিলা যীশুৰ নাম ইয়াং জিয়াংবিন।

চীনত নিষিদ্ধ এই সংস্থাটোৱেই এতিয়া খোপনি পুতিছে নাগালেণ্ডত।

সংস্থাটোৱে ফেচবুক পেজৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলাইছে মহিলা যীশুৰ বিষয়ে।

প্ৰচাৰ কৰিছে বহু পুস্তিকা। সেয়ে শংকিত হৈ পৰিছে নাগালেণ্ডৰ ব্যপটিষ্ট কাউন্সিল। কাউন্সিলৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড জেলহউ কিহোই এক পত্ৰ যোগে খ্ৰীষ্টানৰ নামত ব্যভিচাৰ চলোৱা এই সংস্থাৰ পৰা সাৱধানে থাকিবলৈ সকলোকে আহ্বান জনাইছে।