NORTHEAST NOW (Assamese)
অসম

শিৱাসগৰত পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ, স্মাৰকপত্ৰ প্ৰদান

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 3, 2019 8:05 am

শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলিৰ পৰা বালিঘাট সংযোগী বি জি ৰোড মোৰামতিৰ দাবীত স্থানীয় ৰাইজে কালি অৰ্থাৎ ২ আগষ্টত  ৰাজপথত ওলাই আহি বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শর্মা মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে প্ৰায় এটা বছৰ পূৰ্বে প্ৰাক্তন গড়কপ্তানী(ৰাজ্যিক) মন্ত্ৰী তপন গগৈয়ে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰদাস তাচাৰ উপস্থিতিত শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিৰ পৰা বালিঘাট সংযোগী বি জি ৰোড বা নাজিৰা আলিটো উন্নীতকৰণৰ বাবে আধাৰশিলা কৰিছিল।

কিন্তু অতি পৰিতাপৰ কথা যে আধাৰশিলা কৰা এবছৰ হোৱাৰ পিছতো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল ১৪ কিলোমিটাৰৰ এই পথছোৱা।

বিশেষকৈ শিৱসাগৰ চহৰৰ ষ্টেশ্যন চাৰিআলিৰ পৰা চেৰেকাপাৰ পৰ্যন্ত এই পথচোৱাত বৃহৎ বৃহৎ গাঁতৰ বাবে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

উক্ত পথটোৱেদি দৈনিক হাজাৰ হাজাৰ সৰু-ডাঙৰ গাড়ী চলাচল কৰে। তাৰোপৰি অ’ এন জি চিৰ বৃহৎ বৃহৎ গাড়ীও এই পথেদিয়েই লাকুৱা গেলেকীৰ তৈলক্ষেত্ৰলৈ  চলাচল কৰে।

ফলত সদাব্যস্ত এই পথটো এটা বছৰে মেৰামতি নকৰাত কালি ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ কেইবাশতাধিক লোকে।

প্ৰতিবাদকাৰীসকলে ২ ঘণ্টাৰ বাবে পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আগন্তু ১৫ দিনৰ ভিতৰত পথটো মেৰামতি কৰিবালৈ স্থানীয় ৰাইজে দাবী জনাই অন্যথা ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে।