NORTHEAST NOW (Assamese)
অসম

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অকাডেমী ৰত্ন নৃত্যাচাৰ্য যতীন গোস্বামীক সম্বৰ্দ্ধনা জ্ঞাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 8:48 am
Chief Minister Sonowal felicitated Jatin Goswami

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদ্যঘোষিত সংগীত নাটক অকাডেমীৰ দ্বাৰা অকাডেমী ৰত্নৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামীক শুকুৰবাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

নৃত্যাচাৰ্য যতীন গোস্বামীক সম্বৰ্দ্ধনা জ্ঞাপন উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সোণোৱালে বৰেণ্য শিল্পীগৰাকীৰ ৮৭ তম জন্ম দিৱস উপলক্ষেও শিল্পীগৰাকীক ওপজা দিনৰ ওলগ জনোৱাৰ লগতে তেখেতৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰে।

উল্লেখযোগ্য যে, সাহিত্যচাৰ্য্য ড০ মহেশ্বৰ নেওঁগ আৰু ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ পাছতে এই সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামী ৰাজ্যৰ তৃতীয় গৰাকী ব্যাক্তি।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কলা-সংস্কৃতি হ’ল এটা জাতিৰ পৰিচয়। জাতি এটা উন্নতিৰ জখলাত আগুৱাই যোৱাৰ অন্যতম সমল হৈছে কলা আৰু সংস্কৃতি বুলি উল্লেখ কৰে।

কলা-সংস্কৃতিৰ মাধ্যমেৰে অসমীয়া জাতিক শক্তিশালী ৰূপত তুলি ধৰাৰ ক্ষেত্ৰত নৃত্যাচাৰ্য যতীন গোস্বামীৰ ভূমিকা অপৰিসীম। তেখেতে অসমৰ সাংস্কৃতিক জগতখনক আগুৱাই নিয়াৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে বুলি সোণোৱালে কয়।

আনহাতে, যতীন গোস্বামীয়ে জীৱনজোৰা সাধানাৰে আমাৰ কলা সংস্কৃতিৰ জগতখনক শক্তিশালী কৰি এক আদৰ্শ প্ৰতিষ্ঠা কৰিছে আৰু এইক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলক অনুপ্ৰাণিত কৰাই নহয়, তেনে দিশেৰে আগুৱাই যোৱাৰ বাবে শক্তিশালী  চেতনাও জাগ্ৰত কৰিছে বুলি মুখ্য মন্ত্ৰী সোণোৱালে ভাষণত কয়।

সভাত ভাষণ প্ৰদান কৰি অকাডেমী ৰত্ন প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামীয়ে এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যাবদ জ্ঞাপন কৰাৰ লগতে ভাৰত ৰত্ন ভূপেন হাজৰিকা আৰু পণ্ডিত মহেশ্বৰ নেওঁগে অসমৰ কলা আৰু সংস্কৃতিৰ জগতখনক বহুদূৰ আগুৱাই লৈ গৈ অসমীয়া জাতি সত্ত্বাৰ শক্তিশালী পৰিচয় দাঙি ধৰিছিল বক্তব্য কৰে।

মুখ্য মন্ত্ৰীয়ে নৃত্যাচাৰ্য যতীন গোস্বামীক এখন এড়ি চাদৰ, প্ৰশস্তি পত্ৰ আৰু শৰাইৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীকো সম্বৰ্দ্ধনা জনোৱা হয়।

সম্বৰ্দ্ধনা অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ লগতে বিধায়ক ঋতুপৰ্ণ বৰুৱা, যতীন বৰা, পৱিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, সূৰ্য হাজৰিকা আদি বিশিষ্ট ব্যাক্তিসকলে অংশগ্ৰহণ কৰে।