NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আংশকা; অমৰনাথ যাত্ৰীক উভতি অহাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 9:40 am

সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাত নিৰ্দিষ্ট ম্যাদ সম্পূৰ্ণ হোৱাৰ আগতেই অমৰনাথ যাত্ৰা বন্ধ ঘোষণা কৰিছে জন্মু-কাশ্মীৰৰ ৰাজ্যপালৰ নেতৃত্বাধীন চৰকাৰে।

তাৰোপৰি যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰালৈ যোৱা ভক্তপ্ৰাণ যাত্ৰী আৰু পৰ্যটকক সোনকালে জন্মু-কাশ্মীৰ এৰি যোৱাৰ নিৰ্দেশ দিছে প্ৰশাসনে। সেনা আৰু জন্মু-কাশ্মীৰৰ আৰক্ষীয়ে ২ আগষ্টত এখন সংবাদমেল যোগে এই কথা সদৰী কৰে।

সংবাদমেলত লেফটিনেণ্ট জেনেৰেল কে জে এছ ঢিল্লনে কয় যে চোৰাংচোৱা খবৰ অনুসৰি অমৰনাথ যাত্ৰালৈ অহা যাত্ৰীসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাব পাৰে।

লগতে তেওঁ কয় যে যোৱা কেইবাদিনো ধৰি পাকিস্তান সেনাৰ সমৰ্থিত সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰাত বাধা প্ৰদানৰ চেষ্টা চলাই আহিছে। সেয়ে দক্ষিণ দিশৰ পহলগাম পথ আৰু উত্তৰ দিশৰ বালটাল পথত সেনা আৰু চি আৰ পি এফে তালাচী অভিযান অব্যাহত ৰখা বুলিও সংবাদমেলতে লেফটিনেণ্ট গৰাকীয়ে উল্লেখ কৰে।