NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ পতিতালয়ত উদ্ধাৰ অসমৰ মহিলা; বলপূৰ্বকভাৱে দেহ ব্যাৱসায়ত জড়িত কৰোৱাৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 10:21 am
Delhi redlight area

দিল্লী আৰক্ষী আৰু দিল্লী মহিলা আয়গে চলোৱা এক যুটীয়া অভিযানত নতুন দিল্লীৰ জি বি ৰোডস্থিত ৰেড লাইট অঞ্চলৰ পৰা এগৰাকী অসমৰ মহিলাক উদ্ধাৰ কৰা হয়।

দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীৰ সাত বছৰীয়া কন্যা সন্তানগৰাকীক জিম্মাত লৈ মহিলাগৰাকীক পতিতা বৃত্তি লবলৈ বাধ্য কৰোৱা বুলি খবৰ লাভ কৰা হৈছে।

মহিলাগৰাকীয়ে ঘটনাসন্দৰ্ভত দিল্লী আৰক্ষী আৰু মহিলা আয়োগত অভিযোগ দাখিল কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা হয়।

যুটীয়া অভিযানকাৰী দলটোৱে বুধবাৰে নিশা অভিযান চলাই অসমৰ মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পতিতালয়ৰ কোঠা নম্বৰ ৪০ ৰ গৰাকী মহন্ত উপাধিৰ এগৰাকী ব্যাক্তিকো অমসৰ মহিলাগৰাকীক বলপূৰ্বকভাৱে পতিতা বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে, ফাৰাহ আৰু দীপক নামৰ দুজন লোক দেহ ব্যাৱসায় চক্ৰটোত জড়িত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হৈছে।

প্ৰথমগৰাকী স্বামীৰ মৃত্যুৰ পাছত মহিলগৰাকীয়ে দ্বিতীয় বিবাহ কৰাইছিল আৰু এমাহ পূৰ্বে দীপক নামৰ স্বামীৰ বন্ধু এগৰাকীৰ সৈতে মহিলাগৰাকী দিল্লীলৈ আহিছিল।

‘দীপকে তাইক চাকৰি দিম বুলি লৈ আহিছিল আৰু ফাৰাহ নামৰ ব্যাক্তিজনৰ ওচৰত বিক্ৰী কৰি দিছিল’-আৰক্ষী সূত্ৰত প্ৰকাশ কৰে।

‘‘মোক চাকৰি দিম বুলি কৈছিল আৰু তাৰ পাছত সিহতে মোৰ ছোৱালীজনীক এখন হোষ্টেলত ৰাখিব বুলিও কৈছিল, কোৱা মতে নোহোৱাবাবে মই প্ৰতিবাদ কৰিছিলো’’-মহিলাগৰাকীয়ে কয়।

পৰৱৰ্তী সময়ত দুৰ্বৃত্তকেইজনে মহিলাগৰাকীক ভাবুকি প্ৰদান কৰিছিল আৰু দেহ ব্যাৱসায় বৃত্তিত জড়িত হ’বলৈ বাধ্য কৰাইছিল বুলি সূত্ৰত পৰা লাভ কৰা খবৰ অনুসৰি জানিব পৰা গৈছে।