NORTHEAST NOW (Assamese)
অসম

ক’ভিড প্ৰট’কল মানি ৰাস উদযাপনৰ বাবে সাজু আদৰ্শ গড়েহাগী ৰাসোৎসৱ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম November 19, 2020 2:08 pm

বিশ্বনাথৰ অতি পুৰণি মুকলি ৰাস আদৰ্শ গড়েহাগী ৰাসোৎসৱ ভাগ এইবাৰ অহা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ তাৰিখে গড়েহাগী বৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত হ’ব।

আজি এক সংবাদমেলযোগে জানিবলৈ দিছে ৰাসোৎসৱ সমিতিৰ বিষয়-ববীয়াই।

১১৩ বছৰ গৰকা গড়েহাগী ৰাসোৎসৱভাগ এইবাৰ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰিব আৰু ১০ বছৰ তলৰ শিশু আৰু ৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তিয়ে অভিনয় কৰিবলগীয়া নৃত্য নাটিকা সমূহ বাতিল কৰি বাকী শ্ৰীকৃষ্ণৰ শিশুলীলাৰ ওপৰত আধাৰিত নৃত্যনাটিকা সমূহ অনুষ্ঠিত হোৱাৰ লগতে কেলিগোপাল নাটভাগ মুকলি পথাৰত মঞ্চস্থ হ’ব।

আজিৰ এই সংবাদমেলৰ যোগেদি ৰাস উদযাপন সমিতিয়ে প্ৰতি গৰাকী দৰ্শকক মাস্ক পৰিধান কৰি ৰাস উপভোগ কৰিবলৈ অনুৰোধ জনাইছে।

আনহাতে দৰ্শকসকলৰ বাবে মূল প্ৰৱেশদ্বাৰত চেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ লগতে সামাজিক দূৰত্ব মানি দৰ্শকৰ আসনৰ ব্যৱস্থা কৰিব বুলি সংবাদ মেলত জানিবলৈ দিছে।

সংবাদ মেলত উপস্থিত থাকে আদৰ্শ গড়েহাগি গাঁও সংগঠনৰ সম্পাদক পদ্মকান্ত বৰা, সভাপতি প্ৰদীপ কোছ সহ ৰাস উৎসৱ উদযাপন সমিতিৰ সম্পাদক অঞ্জন বাঢ়ৈ, সভাপতি তপন শ‌ইকীয়া, সহ সম্পাদক বিটুমনি বৰাৰ লগতে আন বহুতো সদস্য।