NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ দুই শীৰ্ষ আৰক্ষী বিষয়া ক’ভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2020 5:25 pm
CM Sonowal reconstitutes State Level Police Recruitment Board

তিনিচুকীয়া জিলাৰ দুই শীৰ্ষ আৰক্ষী বিষয়া দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

জানিব পৰা মতে জিলা আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

দুয়োগৰাকী বিষয়াই শেহতীয়াকৈ জ্বৰ আৰু কাঁহত ভুগি আছিল।

ইপিনে শনিবাৰলৈকে অসমত মুঠ ৮৯,৪৬৮গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে ৬৭,৬৪১গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শনিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২১,৫৯০ (।)

শনিবাৰে ১৫৬০গৰাকী ব্যক্তি অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৭৭ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৫.১২ শতাংশ।