NORTHEAST NOW (Assamese)
অসম

ধনৰ লোভ! ইণ্ডোনেছিয়াত থকা দূতাৱাসেই গোপনে বিক্ৰী কৰি দিলে পাকিস্তানৰ ৰাষ্ট্ৰদূতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 8:11 am
Pakistans-former-ambassador

ধনৰ লোভত পৰি কিমানে যে কি কাম নকৰে!

কোনোৱাই চৰকাৰী ধন আত্মসাৎ কৰে,কোনোৱাই খাদ্যত ভেজাল কৰে ইত্যাদি ইত্যাদি।

ধনৰ লোভত পৰি পাকিস্তানৰ এজন ৰাষ্ট্ৰদূতে এইবাৰ বিদেশত থকা এটা দূতাৱাসেই বিক্ৰী কৰি দিলে।

পাকিস্তানৰ এই গৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত হৈছে মেজৰ জেনেৰেল চৈয়দ মুস্তাফা আনোৱাৰ। ২০০০ চনত আনোৱাৰক ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত থকা পাকিস্তানৰ দূতাৱাসত ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছিল।

জাকাৰ্টাত থকাৰ সময়তে ৰাষ্ট্ৰদূত গৰাকীয়ে কিদৰে বাহিৰাকৈ ধন গোটাব পাৰি তাৰেই চিন্তাত মগ্ন হ’ল।

ভাবি ভাবি তেওঁ দূতাৱাসৰ এটা বৃহৎ ভৱন গোপনে বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত ল’লে।

সেইমতে তেওঁ ইণ্ডোনেছিয়াৰ স্থানীয় কাকতত বিজ্ঞাপনো প্ৰকাশ কৰিলে। বিজ্ঞাপন দেখি বহুলোক আগবাঢ়ি আহিল দূতাৱাসৰ ভৱনটো কিনিবলৈ।

ৰাষ্ট্ৰদূত গৰাকীয়ে পানীৰ দামতে দূতাৱাসৰ বিশাল ভৱনটো বিক্ৰী কৰি দিলে।

২০০১ চনৰ শেষৰ পিনে সংঘটিত এই ঘটনাৰ বিষয়ে বহু পলমকৈহে অৱগত হয় পাকিস্তানৰ চৰকাৰ।

লগে লগে পাকিস্তানৰ নেচনেল একাউণ্টিবিলিটি ব্যুৰ’ই প্ৰাক্তন ৰাষ্ট্ৰদূত আনোৱাৰৰ বিৰু্দ্ধে গোচৰ ৰুজু কৰে।

শেহতীয়াকৈ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ৰাজহুৱা সম্পত্তি গোপনে বিক্ৰী কৰি ধন আত্মসাৎ কৰাৰ অভিযোগত আনোৱাৰক দোষী সাৱ্যস্ত কৰিছে।

পাক আইনৰ ৯(ক)৬ ধাৰাত তেওঁক দোষী সাৱ্যস্ত কৰা হৈছে। আদালতে শীঘ্ৰে তেওঁৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব।