NORTHEAST NOW (Assamese)
অসম

জীয়াঢলত দুজন যুৱকৰ পানীত ডুবি মৃত্যু; এজনৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 7:43 am
Story-3-1-1140x570

অৰুণাচল প্ৰদেশৰ জীয়াঢল নৈত শনিবাৰে পানীত ডুবি নিখোজ হোৱা দুজন যুৱকৰ এজনৰ মৃতদেহ দেওবাৰে বৰ্মনগাঁৱৰ ওচৰত নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে।

মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনক অৰিন্দম বৰুৱা(২৫) বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহৰ মতে, ধেমাজি চহৰৰ পাঁচজন যুৱকে শনিবাৰে অৰুণাচল প্ৰদেশৰ জীয়াঢলমুখলৈ গৈছিল আৰি তাতে অৰিন্দম আৰু তেওঁৰ বন্ধু ভূপেন্দ্ৰ নৰহ(২৪) পানীত ডুবি নিখোজ হৈ পৰে।

জানিব পৰা মতে, যুৱক দুজনে জীয়াঢল নৈৰ উজনি অংশত সাঁতুৰি আছিল আৰু তেওঁলোক ক্ৰমে নদীখনৰ গভীৰ অংশলৈ সোমাই যোৱাৰ লগে লগেই নৈখনৰ প্ৰবল সোঁতে দুয়োজনকে উটুৱাই লৈ যায়।

এনডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নদীখনত উদ্ধাৰ অভিযান চলায় যদিও তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ হয়।

ধেমাজিৰ ৰতনপুৰৰ স্থায়ী বাসিন্দা অৰিন্দমে বি টেক ডিগ্ৰী সমাপ্ত কৰাৰ পাছত দিল্লীত চাকৰি কৰি আছিল।

আনহাতে, ভূপেন্দ্ৰ নৰহে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ফাইনেল ছেমিষ্টাৰত অধ্যয়ন কৰি আছিল।