NORTHEAST NOW (Assamese)
অসম

চীনৰ চৰ্ত: পূব লাডাখৰ ফিংগাৰ ৪ ৰ পৰা প্ৰথমে সেনা আঁতৰাব লাগিব ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 7:06 am
ITBP

লাডাখ সংকট সন্দৰ্ভত এতিয়াও গলা নাই বৰফ।

লাডাখৰ পৰা ভাৰতে চীনক দেশখনৰ সেনা আঁতৰাই নিবলৈ বাৰে বাৰে কৈ আহিছে যদিও চীনে এইক্ষেত্ৰত বিভিন্ন অজুহাত দেখুৱাই ভাৰত আহ্বানৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে।

লাডাখ সংকট দূৰ কৰাৰ বাবে চীনৰ সৈতে ভাৰতৰ সাত বাৰকৈ আলোচনা হৈছে যদিও কোনো আলোচনাই ফলপ্ৰসূ হোৱা নাই।

শেহতীয়াকৈ চীনে ভাৰতক এই বুলি চৰ্ত বান্ধি দিছে যে পূব লাডাখৰ ফিংগাৰ ৪ পয়েণ্টৰ পৰা প্ৰথমে ভাৰতে সেনা অপসাৰণ কৰিলেহে চীনেও সেনা আঁতৰাই নিবলৈ প্ৰস্তুত আছে।

ফিংগাৰ ৪ ৰ পৰা ভাৰতে যিমান সংখ্যক সেনা আঁতৰাই নিব চীনেও সম সংখ্যক সেনা আঁতৰাব বুলি ভাৰতৰ সন্মুখত নতুন  চৰ্ত দিছে।

ভাৰতে চীনৰ এনে চৰ্ত কোনো পধ্য মানি লোৱা নহ’ব বুলি কোৱাত চীন-ভাৰতৰ শেহতীয়া আলোচনা সমূহ অৰ্থহীন হৈ পৰিছে।

চীনৰ চৰ্তৰ বিপৰীতে ভাৰতে চীনক এই বুলি কৈছে যে চীনে ফিংগাৰ ৮ পাৰ কৰি দেশ খনৰ সেনা আঁতৰাই নিব লাগিব।

উল্লেখ্য চলিত বৰ্ষৰ এপ্ৰিল মাহত চীনে সামৰিক প্ৰশিক্ষণৰ নামত তিব্বতত ব্যাপক সমৰ সজ্জা গঢ়ি তোলাৰ পিছতে ভাৰতেও পূব লাডাখৰ ফিংগাৰ ৪কে ধৰি অন্যান্য স্থানত সেনাৰ সঞ্চালন বৃদ্ধি কৰিছিল।