NORTHEAST NOW (Assamese)
অসম

পত্নীৰ সম্পৰ্কত প্ৰশ্ন কৰা সাংবাদিকক ঘুচিয়াই মুখ ভঙাৰ ভাবুকি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 11:07 am
ব্রাজিলৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইল বোলছনাৰোৱে দেওবাৰে সংবাদ মেলত হঠাতে সাংবাদিকৰ ওপৰত ক্ষুব্ধ হৈ পৰে।

সংবাদমেলত দুৰ্নীতিৰ সৈতে তেওঁৰ পত্নী জড়িত থকাৰ বিষয়ে প্ৰশ্ন কৰিছিল।

সাংবাদিকৰ প্ৰশ্ন শুনাৰ পাছতে উত্তেজিত হৈ পৰে ৰাষ্ট্ৰপতিগৰাকী।

তেওঁ সাংবাদিকৰ মুখত এটাৰ পাছত এটা ঘুচিয়াই মুখ ভঙাৰ ধমকি দিয়ে আৰু কোনো প্ৰশ্নৰ উত্তৰ নিদি সংবাদমেল ত্যাগ কৰে।

গ্ল’ব কাকতৰ সাংবাদিকগৰাকীক প্ৰশ্নটো কৰাৰ পাছতে বোলাছনাৰোৱে কয়,’’মই এটাৰ পাছত আন এটা ঘুচি মাৰি আপোনাৰ মুখ ভাঙি দিম।‘’

ইয়াৰ পাছতে সংবাদমেলত উপস্থিত থকা সাংবাদিকসকলে তেওঁৰ এই মন্তব্যৰ বিৰোধিতা কৰি সংবাদমেল বৰ্জনৰ ভাবুকি দিয়ে আৰু তেওঁৰ মন্তব্যক উভতি ধৰে।

এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো কথা নকৈ সংবাদমেল ত্যাগ কৰে।

এগৰাকী জনপ্ৰতিনিধিয়ে সাংবাদিকৰ সৈতে এনে আচৰণ কৰাৰ বাবে বিভিন্ন মহলত সমালোচিত হৈছে।

শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফেব্ৰিচিঅ’ কুইৰ’জৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এখন আলোচনীত প্ৰকাশ পাইছে।

উক্ত দুৰ্নীতিৰ সৈতে বোলাছনাৰোৰ পত্নীও জড়িত থকাৰ কথা প্ৰকাশ পাইছে।

২০১১ৰ পৰা ২০১৬চনৰ মাজত মিছেল বোলাছনাৰোৰ একাউন্টলৈ বৃহৎ অংকৰ ধন পঠাইছিল সেই আৰক্ষী বিষয়াগৰাকীয়ে।

সাংবাদিকগৰাকীয়ে সেই বিষয়ে জানিব বিচৰাত ক্ষুব্ধ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকী।