NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ কোভিড কেয়াৰ চেন্টাৰত অদৃশ্য শক্তিৰ তাণ্ডৱ! আতংকিত আক্ৰান্ত আৱাসী ৰোগী

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস August 24, 2020 2:40 pm
WhatsApp Image 2020-08-24 at 1.04.05 PM

বৰপেটা চহৰৰ আই টি আই গাৰ্লছ হোষ্টেলৰ কোভিড কেয়াৰ চেন্টাৰত অশৰীৰি আত্মাৰ তাণ্ডৱে নিদ্ৰাহৰণ কৰিছে কেন্দ্ৰটোত থকা কৰ’না আক্ৰান্ত ৰোগী সকলৰ।

এই ঘটনাৰ ফলত কেন্দ্ৰটোত থকা দুগৰাকী শিশুসহ ১৩গৰাকী মহিলা আৰু ছোৱালীৰ মাজত দেখা দিছে আতংক‌ই।

অদৃশ্য শক্তিৰ আত্মাৰ শিলাবৰ্ষণৰ ফলত কেন্দ্ৰটোত থকা এগৰাকী মহিলাই মূৰত আঘাত পায়।

কেন্দ্ৰটোত কালি নিশা খাদ্য যোগান ধৰা বাহনতো এই অদৃশ্য শক্তিয়ে শিলাবৰ্ষণ কৰা বুলি জানিবলৈ দিয়ে ৷

কোভিড কেয়াৰ চেন্টাৰটোত নিয়োজিত আৰক্ষীৰ লোকে এই ঘটনা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিছে।

আৰক্ষীৰ লোকে দিনে নিশাই পহৰা দি আছে যদিও কোনে এই শিলাবৰ্ষণ কৰি আছে সেয়া স্পষ্টকৈ ক’ব পৰা নাই।

এই ঘটনা সন্দৰ্ভত কালি বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ৷

ইপিনে, কোভিড কেয়াৰ চেন্টাৰটোত সংঘটিত এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত একপ্ৰকাৰ কৌতুহলৰ সৃষ্টি হৈছে।