NORTHEAST NOW (Assamese)
Popular Stories

ক’মাত নহয়, মৃত্যু ঘটিছে উত্তৰ কেৰিয়াৰ একনায়ক কিম জং উনৰ! : এই দাবী বিশেষজ্ঞৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 8:25 pm
index.jpglll

এগৰাকী একনায়ক। সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ তেওঁৰ ওপৰত। কি কৰে? ক’ত যায়? কি খায়? এই একনায়কত্বাদী শাসক গৰাকীৰ সমগ্ৰ তথ্য বিচাৰি বিশ্ব ৰাজনৈতিক আৰু কূটনৈতিক মহল উৎসুক হৈ ৰয়।

সেই গৰাকী শাসক হৈছে বিশ্ব সম্প্ৰদায়ৰ ওচৰত শিৰনত নকৰা উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন।

ইতিমধ্যে এই গৰাকী একনায়কত্ববাদী শাসক কিম জং উনৰে মৃত্যু হোৱা বুলি দাবী কৰিছে এগৰাকী সাংবাদিকে।

উল্লেখ্য যে, উত্তৰ কোৰিয়া চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ এখন সংবাদ পত্ৰই দেওবাৰে কিম জং উনৰ স্বাস্থ্য অতি সংকটজনক বুলি বাতৰি প্ৰকাশ কৰিছিল।

চীনৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতি দি দ্য কোৰিয়া হেৰাল্ড নামৰ সংবাদ পত্ৰখনে কৈছিল যে, উত্তৰ কোৰিয়াৰ শাসকজন এতিয়া ক’মাত আছে।

ইফালে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ চাং ছং-মিনে দাবী কৰি কৈছিল যে কিম জং উনে নিজ ভগ্নী কিম ইয়ো-জঙক দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদত নিযুক্তি প্ৰদান কৰি আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্ক পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছে।

চাং ছং-মিনে চ’ছিয়মল মিডিয়াৰ যোগে দাবী কৰি কৈছিল যে, “মই ধাৰণা কৰোঁ তেওঁ এতিয়াও জীয়াই আছে, কিন্তু তেওঁ ক’মাত আছে।”

কিন্তু আজি এগৰাকী সংবাদিকে দাবী কৰে যে কিম জং উনৰ মৃত্যু ঘটিছে।

উত্তৰ কোৰিয়া ভ্ৰমণ কৰি অহা সাংবাদিক ৰয় কেলীয়ে এই দাবী কৰিছে। তেওঁ কিছু গণমাধ্যমত কয়ে যে, উত্তৰ কোৰিয়াই ইমানেই গোপনীয়তা ৰক্ষা কৰে যে দেশৰ জনগণেও ইয়াৰ প্ৰকৃত বাস্তৱতাৰ উমান নেপায়।

উত্তৰ কোৰিয়াৰ চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই অৱশ্যে সাংবাদিক গৰাকীৰ এই দাবী নস্যাৎ কৰিছে আৰু উত্তৰ কোৰিয়া এই বিষয়ে এতিয়াও মৌনতা অৱলম্বন কৰিয়ে আছে।

ইফালে যোৱা সপ্তাহত উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে দেশখনত সৃষ্টি হোৱা দুৰ্ভিক্ষৰ সমাধানৰ পথ উদ্ভাৱনৰ কল্পে যোৱা সপ্তাহত ৰাষ্ট্ৰপতি কিম জং উনে দলীয় বৈঠক আহ্বান কৰি তাত উপস্থিত আছিল।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ প্ৰচাৰ আৰু সাংবাদিক ৰয় কেলীৰ দাবীৰ পিছত উত্তৰ কোৰিয়াৰ শাসকগৰাকীৰ অৱস্থিতিক লৈ ৰসহ্য ক্ৰমাৎ গভীৰ হোৱা পৰলিক্ষিত হৈছে।

উল্লেখ্য যে, কিছুমাহৰ পূৰ্বেও উত্তৰ কোৰিয়াৰ শাসকগৰাকী এক জটিল অস্ত্ৰোপচাৰৰ পিছত মৃত্যু হোৱা বুলি বিশ্ব সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।