NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ ৱাখা জিলাত পাহাৰ খহি নিহত অসমৰ তিনিজন যুৱকৰ

Posted by: এন ই নাও নিউজ March 4, 2018 9:23 pm

নাগালেণ্ডৰ ৱাখা জিলাত সংঘটিত এক ঘটনাত অসমৰ তিনিজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ৱাখা জিলাত অসমৰ ৫ জন যুৱকে কেব’লৰ কাম কৰি থকা অৱস্থাত এস্কেভেটৰসহ পাহাৰৰ মাটি খহি পৰে। যাৰ ফলত তিনিজন যুৱকে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে বাকী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

নিহত যুৱক কেইজনক ক্ৰমে আম্ৰাজুল ইছলাম, মনিৰুদ্দিন আৰু হজৰত আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰু নিহত তিনিওজনে মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে।

আনহাতে আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক আবুল হুছেইন আৰু ছহিদুল ইছলাম চিনাক্ত কৰা হৈছে। আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।