NORTHEAST NOW (Assamese)
অসম

নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ লোমহৰ্ষক হত্যা : শিলচৰত তীব্ৰ চাঞ্চল্য

Posted by: অপৰ্ণা লস্কৰ October 6, 2018 10:57 am
Name plate stands alone as former Principal of Narshing HS School was murdered on Late Friday night in Silchar

শিলচৰৰ নাৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয় ব্যৱস্থাপনা কমিটীৰ সভাপতি সমৰেন্দ্ৰ ভট্টাচাৰ্য্যক (৭২) ৫ অক্টোবৰৰ নিশা তেওঁৰ শিলচৰৰ শ্যামাপ্ৰসাদ ৰ’ডত থকা বাসগৃহত সঞ্জয় আচাৰ্যি নামৰ লোকজনে হত্যা কৰে।

অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে প্ৰষ্টেট কৰ্কটত ভুগি আছিল।

ঘটনাটো নিশা প্ৰায় ১২-০০টা মান বজাত সংঘটিত হৈছিল। জানিব পৰা মতে ২টা সন্তানৰ পিতৃ ৫২ বছৰীয়া সঞ্জয় আচাৰ্যি নামৰ তেওঁৰ আলধৰা লোকজনে তেওঁক উপৰ্যুপৰি দা’ৰে ঘপিওৱাৰ ফলত অধ্যক্ষ গৰাকীৰ মৃত্যু ঘটে। আলধৰাজনে তেওঁৰ চৌহদতে এখন পাণ দোকানো দিছিল।

বৰ্তমান জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি আৰু শিলচৰৰ প্ৰাচীনতম ক্লাব ইণ্ডিয়া ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সমৰেন্দ্ৰ ভট্টাচাৰ্য্যক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ (SMCH) চিকিৎসকসকলে  ৬ তাৰিখে পুৱতি নিশা প্ৰায় ২-১৫ বজাত মৃত বুলি ঘোষণা কৰে।

হত্যাকাণ্ড সংঘটিত কৰি পলাই যোৱা আলধৰাজনক  আৰক্ষীয়ে আটক কৰি বৰ্তমান শিলচৰ থানাত ৰাখিছে। নৰ্থ-ইষ্ট নাওৰ আগত কোনো অনুশোচনা নোহোৱাকৈ হত্যাকাৰী সঞ্জয়ে কৈছে যে তেওঁক বাৰে বাৰে পাণ দোকানখন বন্ধ কৰিবলৈ আদেশ দি অহাৰ বাবে তেওঁ অৱসৰপ্ৰাপ্ত অধ্যক্ষজনক হত্যা কৰিছে। সঞ্জয়ৰ কণ্ঠত কোনো খেদ নাছিল।

শিলচৰৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ ক্লাবৰ এজিএছ তথা তেওঁৰ চুবুৰীয়া অজয় চক্ৰবৰ্তীয়ে সমৰেন্দ্ৰ ভট্টাচাৰ্য্যৰ দৰে এগৰাকী সফল শিক্ষক আৰু ক্ৰীড়া সংগঠকৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে। আজি সমৰেন্দ্ৰ ভট্টাচাৰ্য্যই কাচাৰ কেঞ্চাৰ হস্পিটেলত কেম’ গ্ৰহণ কৰাৰ কথা আছিল।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎকাৰত চক্ৰবৰ্তীয়ে কয় যে নিশা প্ৰায় ১২-০০ মান বজাত এটা চিঞৰ শুনি বিচনাৰ পৰা জপিয়াই উঠি ঘটনাস্থলীলৈ যায়। তেওঁ লগে লগে এখন এম্বুলেঞ্চ মাতি আহত সমৰেন্দ্ৰ ভট্টাচাৰ্য্যক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও প্ৰায় ২-১৫ মান বজাত তেওঁৰ মৃত্যু ঘটে।

চক্ৰবৰ্তীয়ে কয়, ‘‘শিলচৰৰ ক্ৰীড়াবিদসকলৰ বিষয়ে প্ৰয়াত সমৰেন্দ্ৰ ভট্টাচাৰ্য্যই ভালেমান গ্ৰন্থ লিখিছিল। তেওঁৰ মৃত্যু এটা ডাঙৰ ক্ষতি। তেওঁ প্ৰষ্টেট কৰ্কটত ভুগি আছিল। এইদৰে তেওঁৰ মৃত্যু হ’ব নালাগিছিল।’’

ইতিমধ্যে তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। শোকৰ চিন স্বৰূপে আৰু মৃতকৰ আত্মাৰ সদ্গতি কামনাৰে আজি ডিষ্ট্ৰিক্ট স্পৰ্টছ ক্লাবৰ পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে।