NORTHEAST NOW (Assamese)
অসম

’২১ত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগ্ৰহী নহয় হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 10:14 pm
Himanta Biswa Sarma

মুখ্য মন্ত্ৰীৰ পদ, অসমৰ আগন্তুক বিধান সভা নিৰ্বাচনক লৈ চলা চৰ্চাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কৈছে যে ’২১ত প্ৰতিদ্বন্দ্বিতাৰ বাবে তেওঁ আগ্ৰহী নহয়।

“মই ইতিমধ্যে বহু ৰাজহুৱা মঞ্চত উল্লেখ কৰি আহিছো যে মই পৰৱৰ্তী বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী নহওঁ,” মঙলবাৰে কৰা এক টুইটত মন্ত্ৰী শৰ্মাই কয়।

তেওঁ কয় যে তেওঁৰ ভূমিকা দল আৰু ৰাজ্যৰ বাবে বৰঙনি আগবঢ়োৱাতে সীমাবদ্ধ থাকিব।

মুখ্য মন্ত্ৰিত্বৰ পদবীক লৈ চলিত চৰ্চাৰ মাজতে মন্ত্ৰীজনে তেওঁ পদবীৰ পিছত নাই বুলিও আন এক টুইটত কয়।

“কিছু লোকে অনুভৱ কৰে যে মই কিবা পদ আৰু পদবীৰ পিছত আছো। মোৰ একমাত্ৰ উচ্চাকাংক্ষা হৈছে ১০০+ আসনৰ সৈতে এখন বিজেপিৰ চৰকাৰ দেখাটো,” শৰ্মাৰ টুইট।

“অসমৰ ভৱিষ্যতৰ বাবে আমাক এখন শক্তিশালী ৰাষ্ট্ৰীয়তাবাদী চৰকাৰৰ প্ৰয়োজন।”

হিমন্ত বিশ্ব শৰ্মা ’২১ত বিজেপি দলৰ মুখ্য মন্ত্ৰী পদৰ দাবীদাৰ বুলি বিভিন্ন চৰ্চা চলি আহিছে।

মন্ত্ৰী পীযুষ হাজৰিকাই শেহতীয়াকৈ কৰা এক মন্তব্যৰ পিছতো এই লৈ ব্যাপক চৰ্চা হৈছিল।