NORTHEAST NOW (Assamese)
অসম

কোৱাৰেণ্টাইনৰ সময় শেষ; অনুশীলন আৰম্ভ কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান ৰয়েলছৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 11:04 am

য়ু এ ইত অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ বাবে আয়োজকে প্ৰস্তুতি চলাই থকাৰ মাজতে কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে নির্ধাৰিত কোৱাৰেণ্টাইন সময় অতিবাহিত কৰাৰ পাছত দল দুটাই অনুশীলন আৰম্ভ কৰিছে৷

ডুবাই, শ্বাৰজাহ আৰু আবু ধাবিত হ’বলগীয়া এইবাৰৰ আই পি এল ক’ভিড-১৯ৰ পৰা সুৰক্ষিত কৰি ৰখাৰ স্বার্থত প্রতিটো দলকে বাধ্যতামূলকভাৱে ৬ দিনৰ কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰা হৈছে।

কোৱাৰেণ্টাইনত থকাৰ সময়ত দলৰ প্ৰতিগৰাকী সদস্যকে তিনিবাৰকৈ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল।

পঞ্জাব আৰু ৰাজস্থান দলৰ কোনো সদস্যৰে ৰিপ’ৰ্ট পজিটিভ নোপোৱাত অনুশীলনৰ বাবে অনুমতি লাভ কৰে।

উল্লেখ্য যে ডুবাইৰ গৰমৰ পৰা ৰক্ষা পাবলৈ দুয়োটা দলে বুধবাৰে বিয়লি অনুশীলনত নমাৰ প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে৷

আনহাতে দক্ষিণ আফ্রিকাৰ বাওঁহতীয়া বেটছমেন ডেভিদ মিলাৰে মঙলবাৰে ৰাজস্থান দলত যোগ দিয়ে যদিও কোৱাৰেণ্টাইনৰ নির্দিষ্ট সময় অতিবাহিত কৰাৰ পাছতহে তেওঁ অনুশীলনত নামিব পাৰিব৷