NORTHEAST NOW (Assamese)
Popular Stories

নিউজিলেণ্ডৰ ইতিহাসত প্ৰথম : ক্ৰাইষ্টচাৰ্ছৰ গণহত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 12:38 pm

শান্তি প্ৰিয় দেশ নিউজিলেণ্ডৰ ইতিহাসত প্ৰথমজনক অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে।

বৃহস্পতিবাৰে ক্ৰাইষ্টচাৰ্ছ গণহত্যাৰ হত্যাকাৰী শ্বেতাংগ যুৱক ব্ৰেণ্টন ট’ৰণ্টক দেশখনৰ শীৰ্ষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

দেশখনৰ হাই কোৰ্টৰ বিচাৰপতি কেমেৰুণ মাণ্ডেৰে হত্যাকাৰীজনক এই শাস্তি বিহি কয়, “তোমাৰ অপৰাধ ইমানেই ঘৃণীয় যে মৃত্যু পৰ্যন্ত তোমাক কাৰাগাৰত ৰাখিলেও সেই শাস্তি তোমাৰ বাবে কম হ’ব। মই অনুভৱ কৰিছো, নিহতসকলৰ প্ৰতি এতিয়াও তোমাৰ অনুশোচনাৰ জাগ্ৰত হোৱা নাই। এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি তোমাৰ মনত সৃষ্টি হোৱা ঘৃণাৰ বশৱৰ্তী হৈ তুমি এনে হত্যালীলা চলাইছিলা। এনে কাৰ্যৰ বাবে পৃথিৱীৰ কোনো ঠাইতে তোমাৰ বাবে স্থান নাই।”

উল্লেখ্য যে ২০১৯ চনৰ ১৫ মাৰ্চত এগৰাকী ২৯ বছৰীয়া অষ্ট্ৰেলিয়ান শ্বেতাংগ যুৱক ব্ৰেণ্টন ট’ৰণ্টে নিউজিলেণ্ডৰ দুটা মছজিদ আগ্নেয়াস্ত্ৰৰে হত্যালীলা চলাইছিল।

প্ৰথমে দুটা মছজিদ ৫১ জন ইছলাম সম্প্ৰদায়ৰ লোকক হত্যা কৰি তৃতীয়টো মছজিদত হত্যা যজ্ঞ চলাবলৈ যোৱাৰ পথত অপৰাধী যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উক্ত গুলীচালানত অন্য ২৯ গৰাকী মুছলমান সম্প্ৰদায়ৰ লোক আহতও হৈছিল।

সেই গণহত্যা কাণ্ডৰ বাবে অপৰাধী ব্ৰেণ্টনক নিউজিলেণ্ডৰ হাই কোৰ্টে দোষী সাৱস্ত্য কৰিছিল। যোৱা সোমবাৰৰ পৰা ক্ৰাইষ্টচাৰ্ছ গণহত্যাৰ দোষীৰ শাস্তিৰ বাবে শুনানি আৰম্ভ হৈছিল।

বৃহস্পতিবাৰে নিউজিলণ্ডৰ হাই কোৰ্টে গণহত্যাকাৰী ব্ৰেণ্টনৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰি দেশৰ ইতিহাসত প্ৰথমটো যাৱজ্জীৱন কাৰাদণ্ড বিহে। ইয়াৰ ফলত হত্যাকাৰী ব্ৰেণ্টন আমৃত্যু কাৰাগাৰত আৱদ্ধ হৈ থাকিব লাগিব।

ইফালে ক্ৰাইষ্টচাৰ্ছ গণহত্যাৰ ভুক্তভোগী আল নুৰ মছজিদৰ ইমাম গামাল ফউদাই কয়, “দোষীক শাস্তি দিলেও আমি হেৰুৱা আপোনজনক ঘূৰাই নেপাওঁ। কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই দেশৰ আইনে লোৱা ব্যৱস্থাত আমি গৰ্বিত। এই দেশৰ মুছলমান আৰু অমুছলমান সকলোৱে এই জঘন্য ঘটনাৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে প্ৰতিবাদ জনাইছে।”