NORTHEAST NOW (Assamese)
দেশ

লক্ষ্য দুৰ্নীতিমুক্ত পঞ্জাৱ: হেল্পলাইন নম্বৰ মুকলি মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2022 5:02 pm
Bhagwant Mann

পঞ্জাৱ চৰকাৰে দুৰ্নীতি সম্পৰ্কীয় অভিযোগ দাখিলৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা হেল্পলাইন সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

পঞ্জাৱৰ সপ্তদশ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ এদিন পিছতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি টুইটাৰযোগে এই ঘোষণা কৰে।

“ভগত সিঙ শ্বহীদ হোৱাৰ দিনাই আমি এটা দুৰ্নীতি বিৰোধী হেল্পলাইন নম্বৰ মুকলি কৰিম। এইটো মোৰ ব্যক্তিগত হোৱাটছএপ নম্বৰ হ’ব।”- টুইটটোত মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়।

তেওঁ লগতে কয়, “যদি কোনোবাই আপোনাৰ পৰা উৎকোচ বিচাৰে, তেওঁলোকৰ এটা অডিঅ’/ভিডিঅ’ ক্লিপ ৰেকৰ্ড কৰক আৰু মোলৈ প্ৰেৰণ কৰক।”

 

দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

পঞ্জাৱত এতিয়া কোনো ধৰণৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ নচলিব বুলি সকীয়নি দিয়ে মুখ্যমন্ত্ৰী মানে।