NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ একেলগে এহেজাৰৰো অধিক লোক ক’ৰ’না মুক্ত; মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১৭,০৯৫ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 10:18 pm
Coronavirus-2-1024x510

ৰাজ্যত ভয়াবহ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়তে বিগত কেইদিনত চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ বৰ্দ্ধিত সংখ্যাই আশাৰ সঞ্চাৰ কৰিছে।

আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১,০৭২ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে।

দুবাৰকৈ কৰা ক’ৰ’নাৰ পৰীক্ষাত এইসকল লোকৰ ফলাফল নিগেটিভ অহাৰ পাছত চিকিৎসালয়ৰ পৰা যোৱাৰ অনুমতি দিয়া হয়।

অৱশ্যে চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিলেও এইসকল লোকে ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব।

আজি ৰাজ্যত ক’ৰ’না মুক্ত হোৱা ১০৭২ গৰাকী লোকৰ সৈতে মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ১৭,০৯৫ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰো ৭১ শতাংশলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

অসমত এতিয়ালৈ মুঠ ২৩,৯৯৯ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৮ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।