NORTHEAST NOW (Assamese)
অসম

লখিমপুৰ আৰক্ষীৰ অভিযানত চুৰি বাহন আৰু নিচাযুক্ত সামগ্ৰী উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 9:50 pm

বিগত ২৪ ঘণ্টাত চলোৱা দুটা পৃথক পৃথক অভিযানত লখিমপুৰ আৰক্ষীয়ে এখন হেৰোৱা গাড়ী উদ্ধাৰ কৰাৰ লগতে নিষিদ্ধ নিচাযুক্ত সামগ্ৰী জব্দ কৰে।

লখিমপুৰৰ লালুকৰ পৰা চুৰি কৰি নিয়া পিক-আপ ভ্যানখন সোমবাৰে শিৱসাগৰ জিলাৰ মৰাণৰ পৰা উদ্ধাৰ কৰা হয়।

চুৰি হোৱাৰ পাছত এ এছ ০৭ বিচি ১৩৯৫ পঞ্জীয়ন নম্বৰযুক্ত বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এছ ০৯ এচি ১৪৭৬ লৈ সলনি কৰি লোৱা হৈছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাড়ী চোৰ জনক লখিমপুৰৰ লালুকৰ চাজাহান আলী (২৬) বুলি চিনাক্ত কৰা হৈছে।

আন এটা অভিযানত লখিমপুৰ আৰক্ষীয়ে বিহপুৰীয়াৰ দৌলাতপুৰৰ মাছুদ হাচান (২৭) নামৰ আন এজন যুৱকক ১৯.২৫ গ্ৰাম সন্দেহযুক্ত হিৰোইনৰ সৈতে গ্ৰেপ্তাৰ কৰে।

দুয়োটা অভিযান লালুক আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক প্ৰণৱ বৰাৰ নেতৃত্বত আৰু মৰাণ আৰক্ষী আৰু হাৰমুত্তি আৰক্ষী চকীৰ সহযোগত সফলভাৱে চলোৱা হয়।