NORTHEAST NOW (Assamese)
অসম

দেশত এদিনতে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৭৫ হাজাৰৰো অধিক লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 5:46 pm
1216 persons cured of COVID-19 in Assam on Tuesday

দেশত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৩৩ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত এতিয়া ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৩৩,১০,২৩৫ গৰাকী।এক্টিভ ৰোগীৰ সংখ্যা হৈছে ৭,২৫,৯৯১ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৬০,৪৭২ গৰাকী লোকৰ।

একেদৰে ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কোভিডত আক্ৰান্ত হোৱা ২৫,২৩,৭৭২ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

বিগত ২৪ ঘণ্টাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৭৫,৭৬০ গৰাকী লোক।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ শতাংশ হাৰ হৈছে ৭৪.৬৯।

স্বাস্থ্য দপ্তৰৰ তথ্য অনুসৰি এতিয়ালৈকে দেশত ৩,৪৪,৯১,০৭৩ টা ক’ৰ’ণা ভাইৰাছৰ নমুনাৰ পৰীক্ষা কৰা হৈছে।

২৪ ঘণ্টাত এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ১,০২৩ গৰাকী লোকে।

ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া সীমাতকৈ ভাৰতত ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ যথেষ্ট বেছি।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি এক লাখ লোকৰ ভিতৰত কমেও ১৪ জন লোকৰ ক’ৰ’ণাৰ পৰীক্ষা কৰাৰ কথা কৈছিল।