NORTHEAST NOW (Assamese)
অসম

অচিৰেই ‘হাত’ এৰি ‘হাতী’লৈ দুলু আহমেদ! অগপ ভৱনলৈ ৰূপান্তৰিত হ’ব হাজোৰ ৰাজীৱ ভৱন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 27, 2020 6:46 pm
67677129_575898316275861_3797118841943752704_n

কংগ্ৰেছ এৰি এতিয়া অগপৰ সৈতে চামিল হ’ব হাজোৰ নেতা দুলু আহমেদ।

এক নিৰ্ভৰযোগ্য সুত্ৰই জনোৱা অনুসৰি অহা ১০ ছেপ্টেম্বৰত কংগ্ৰেছ দলৰ পরা পদত্যাগী নেতা দুলু আহমেদ অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

অগপৰ পৰাই ২০২১’ৰ নিৰ্বাচনত হাজো নাইবা ছয়গাওঁ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি ব্যক্ত কৰে সূত্ৰটোৱে।

যোৱা ২৩ আগষ্টত দলীয় নেতৃত্বৰ সংঘাতত  কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল দুলু আহমেদে।

তাৰ পাছত যোৱা ২৪ আগষ্টত নাম উচ্চাৰণ নকৰাকৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ চৰিত্ৰ হননৰ প্ৰসংগ উত্থাপন কৰিছিল দুলুৱে।

শেহতীয়াকৈ বৃহস্পতিবাৰে দুলু আহমেদৰ সমর্থকে হাজোৰ কলিতাকুচি ৰাজীৱ ভৱনৰ হৰ্ডিং পোষ্টাৰ লণ্ড-ভণ্ড কৰি তলা ওলোমাই দিয়ে।

যোৱা ২৪ আগষ্টত দুলুৱে সংবাদমেলত স্পষ্ট কৰিছিল যে তেওঁ যি দলত যায় সেই দলৰে কাৰ্যালয়লৈ ৰাজীৱ ভৱনটো ৰূপান্তৰ কৰিব। কিয়নো দুলু আহমেদৰ নিজৰ মাটিত আছে সেই ৰাজীৱ ভৱন।

হয়তো হাজোৰ ৰাজীৱ ভৱন অগপ ভৱনলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।