NORTHEAST NOW (Assamese)
অসম

নিজ কৰ্মচাৰী সকলৰ বাবে জিনছ আৰু টি-চাৰ্ট নিষিদ্ধ কৰিলে এয়াৰ ইণ্ডিয়াই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 6:39 pm
নিজ কৰ্মচাৰী সকলৰ বাবে জিনছ আৰু টি-চাৰ্ট নিষিদ্ধ কৰিলে এয়াৰ ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ কৰ্মচাৰী সকলক জিনছ আৰু টি-চাৰ্ট পৰিধান কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।

২৫ আগষ্টত প্ৰকাশিত এক জাননীত এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ কৰ্মচাৰী সকলৰ সাজ-পাৰ পৰিপাতি আৰু প্ৰফেশ্যনেল হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্ৰত কৰ্মচাৰী সকলে টি- চাৰ্ট, জিনছ, শ্লিপাৰছ আদি পৰিধান কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে, জাননী খনত পোচাক সমূহ পৰিস্কাৰ আৰু ইস্ত্ৰি কৰা হ’ব লাগিব বুলিও উল্লেখ কৰে।

এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা কৰ্মচাৰী সকলক অবিনেষ্ট চুলি আদিৰ ক্ষেত্ৰতো পৰিচ্চন্নতা বজাই ৰখাৰ বাবে সকীয়নি দিয়ে।

যিসকল কৰ্মচাৰীয়ে এই নীতি-নিয়ম সমূহ উলংঘা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জাননীত উল্লেখ কৰা হৈছে।

তদুপৰি, এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা তেওঁলোকৰ কৰ্মচাৰী সকলে সাজ-পাৰৰ ক্ষেত্ৰত সচেতন হৈ থাকিব বুলি আশা ব্যক্ত কৰে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত এয়াৰ ইণ্ডিয়াই বিভিন্ন দেশত আৱদ্ধ হৈ থকা লোক সকলক নিজ দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰিছিল।