NORTHEAST NOW (Assamese)
অসম

১৮ মাহত ফেচবুকত বিজ্ঞাপনৰ নামত সৰ্বাধিক ধন খৰচ কৰিছে বিজেপিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 6:30 pm
fb

দেশৰ শাসনাধিস্থিত দল বিজেপিৰ সৈতে ফেচবুকৰ একাংশ শীৰ্ষ পদাধিকাৰীৰ দহৰম-মহৰমৰ খবৰ প্ৰচাৰ হৈ থকাৰ সময়তে আন এক খবৰে এতিয়া বহুতকে কথা বোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে।

ফেচবুকে কোনো অজ্ঞাত কাৰণত বিজেপি নেতাৰ ঘৃণাভৰা বক্তব্যৰ পোষ্ট ডিলিট নকৰা বুলি অভিযোগ উঠাৰ সময়তে এই কথা পোহৰলৈ আহিছে যে যোৱা ১৮ মাহত ফেচবুকত বিজ্ঞাপনৰ নামত সৰ্বাধিক ধন খৰচ কৰা দলটো হৈছে বিজেপি।

ফেচবুক ইণ্ডিয়াৰ স্পেণ্ডিং ট্ৰেকাৰৰ তথ্য অনুসৰি বিগত ১৮ মাহত যি ১০ গৰাকী লোকে ফেচবুকত অধিক বিজ্ঞাপন দিছে তেওঁলোকৰ মাজৰে ৪ জনৰেই বিজেপিৰ সৈতে সম্পৰ্ক আছে।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলিত বৰ্ষৰ ২৪ আগষ্ট পৰ্যন্ত বিজেপিয়ে ফেচবুকত দিছে ৪ কোটি ৬১ লাখ টকাৰ বিজ্ঞাপন।

এই বিজ্ঞাপন সমূহ ৰাজনৈতিক,সামাজিক আৰু নিৰ্বাচন লম্পৰ্কীয় বিজ্ঞাপন।

একেদৰে’মাই ফাৰ্ষ্ট ভোট ফ’ৰ মোডী’ আৰু ‘ভাৰত কি মন কী বাত’ৰ বাবে দলটোৱে ফেচবুকত খৰচ কৰিছে ক্ৰমে ১ কোটি ৩৯ লাখ আৰু ২ কোটি ২৪ লাখ টকা।

‘নেছন উইথ নমো’ পেজৰ বাবে দলটোৱে ফেচবুকত খৰচ কৰা ধনৰ পৰিমাণ হৈছে ১ কোটি ২৮ লাখ টকা।

বিজেপি নেতা আৰ কে সিনহাই অকলে ফেচবুকত বিজ্ঞাপন দিছে ৬৫ লাখ টকাৰ।

ইয়াৰ বিপৰীতে এই সময়ছোৱাত কংগ্ৰেছে ফেচবুকত বিজ্ঞাপনৰ নামত খৰচ কৰিছে ১ কোটি ৮৪ লাখ টকা।

আম আদমী পাৰ্টীয়ে খৰচ কৰা ধনৰ পৰিমাণ ৬৯ লাখ টকা।