NORTHEAST NOW (Assamese)
অসম

নিজ দেশত ক’ৰ’না প্ৰতিৰোধী চীনা ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান বাংলাদেশৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 10:56 pm
Greta-Thunberg-750x375

বাংলাদেশে বৃহস্পতিবাৰে চীনে প্ৰস্তুত কৰি থকা ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ মানৱ দেহৰ পৰীক্ষণ দেশখনত অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

চীনৰ চীনোভাক বায়োটেক নামৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি থকা ক’ৰ’না মহামাৰী প্ৰতিৰোধী ভেকচিনৰ বিকাশৰ ক্ষেত্ৰত বাংলাদেশে সকলো ধৰণৰ সহযোগিতা বৃদ্ধি কৰিছে বুলিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী গৰাকীয়ে লগতে কয়।

বাংলাদেশৰ পূৰ্বে ইণ্ডোনেছিয়াইয়ো চীনৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, বিভিন্ন দেশে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিন নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ভাৰতত তৃতীয় স্বদেশী ভেকচিনৰ মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে।

ভাৰত বায়োটেক আৰু আই চি এম আৰে প্ৰস্তুত কৰি থকা ভেকচিনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি প্ৰকাশ পাইছে।

অক্সফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰি থকা ভেকচিনৰো ভাৰতত তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে।