NORTHEAST NOW (Assamese)
অসম

তাৰকা মল্লযোদ্ধা বিনেশ ফোগট ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2020 11:21 pm

বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী তাৰকা মল্লযোদ্ধা বিনেশ ফোগটৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

তাৰকা মল্লোযোদ্ধা গৰাকীয়ে নিজেই ক’ৰ’না প’জিটিভ হোৱা বুলি প্ৰকাশ কৰিছে।

”মোৰ পৰিয়ালৰ সকলো লোক হোম আইশ্যলেশ্যনত আছে। বিগত সময়ছোৱাত মোৰ আৰু মোৰ পৰিয়ালৰ লোক সকলৰ সংস্পৰ্শলৈ অহা প্ৰতি গৰাকী লোকক ক’ৰ’না পৰীক্ষা কৰাৰ বাবে অনুৰোধ কৰিছো। সকলোৱে সুস্থ হৈ থাকক,” বিনেশ ফোগাটে এইদৰে টুইট কৰে।

২৬ বছৰীয়া বিনেশ ফোগট একমাত্ৰ ভাৰতীয় মহিলা মল্লযোদ্ধা যিয়ে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় খেলুৱৈ সকলে ল’কডাউনৰ পাছত ক্ৰমান্বয়ে নিজৰ অনুশীলন আৰম্ভ কৰিছে।

বহুসংখ্যক তাৰকা খেলুৱৈয়ে ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ব্যক্তিগতভাৱে অনুশীলন অব্যাহত ৰাখিছে।