NORTHEAST NOW (Assamese)
Popular Stories

ইউটিউব জগতত ৰোনাল্ডো; ৯০ মিনিটত ১০ লাখ চাবস্ক্ৰাইবাৰ অতিক্ৰম তাৰকা খেলুৱৈজনৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 22, 2024 5:52 pm
ইউটিউব জগতত ৰোনাল্ডো;  ৯০ মিনিটত ১০ লাখ চাবস্ক্ৰাইবাৰ অতিক্ৰম তাৰকা খেলুৱৈজনৰ

ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ইউটিউবত নিজাকৈ এটা চেনেল খুলিলে। বুধবাৰে পৰ্তুগীজ ফুটবলাৰগৰাকীয়ে নিজাকৈ এটা চেনেল খুলিলে। নাম ‘ইউ আৰ ক্রিষ্টিয়ানো’। লগে লগে সেই চেনেলটোলৈ ভিৰ কৰিলে লাখ লাখ অনুৰাগীয়ে। কেৱল সেয়াই নহয়, তেওঁ যি নজিৰ গঢ়ি তুলিছিল, যিটো আন কাৰো নাই। চেনেলটো খোলাৰ ৯০ মিনিটৰ ভিতৰতে ১০ লাখ চাবস্ক্ৰাইবাৰ পালে। দিনটোৰ শেষলৈকে এই সংখ্যা ১ কোটি ১০ লাখ হ’ল।বৰ্তমান চেনেলটো ছাবছক্ৰাইবাৰ প্ৰায় ১৯০ লাখ৷

ইউটিউব চেনেল মুকলিৰ বাৰ্তাত কিংবদন্তি ফুটবলাৰগৰাকীয়ে লিখিছে, “অপেক্ষা শেষ। মই এটা নতুন অভিযান আৰম্ভ কৰিলোঁ।” প্ৰথমটো ভিডিঅ’ পোষ্ট কৰাৰ কেইঘণ্টামান পাছতে ৰোনাল্ডোৱে নিজৰ চেনেলত নামি পৰে। দীৰ্ঘদিন ধৰি তেওঁ নিজাকৈ ইউটিউব চেনেল খুলিব বুলি ভাবি আছিল। কেৱল ফুটবল নহয়, আন আন খেলৰ বিষয়েও চেনেলটোত আলোচনা কৰিব বুলিও তেওঁ কয়।

এতিয়ালৈকে ৰোনাল্ডোৰ এক্স হেণ্ডেলত ১১২.৫ মিলিয়ন ফ’ল’ৱাৰ আছে। ফেচবুকত ১৭ কোটি। ৬৩ কোটি ৬০ লাখ ইনষ্টাগ্ৰামত। এতিয়া ইউটিউবত। চি আৰ চেভেনে কয় যে আগন্তুক দিনত তেওঁৰ অনুগামীসকলৰ সৈতেও পোনপটীয়াকৈ কথা পতা দেখা যাব।