NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰীয়ে সাংবাদিক শ্বাহ আলমক কৰা ব্যৱহাৰক দূৰ্ভাগ্যজনক আখ্যা দিছপুৰ প্ৰেছ ক্লাবৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 22, 2024 5:02 pm
মুখ্যমন্ত্ৰীয়ে সাংবাদিক শ্বাহ আলমক কৰা ব্যৱহাৰক দূৰ্ভাগ্যজনক আখ্যা দিছপুৰ প্ৰেছ ক্লাবৰ

সাংবাদিকৰ আগত বক্তব্য ৰাখি থকাৰ সময়ত এটা প্ৰশ্ন সোধাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক উদেশ্য কৰি কৰা মন্তব্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।

এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ড° নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে কয় যে – মুখ্যমন্ত্ৰীৰ দৰে সন্মানীয় পদবীত থাকি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক কৰা ব্যৱহাৰ অতিশয় দূৰ্ভাগ্যজনক।

 

মুখ্যমন্ত্ৰী গৰাকীৰ এই কাৰ্যই সকলো সাংবাদিকৰ মনত দূখ দিয়া বুলি উল্লেখ কৰি দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদক দ্বয়ে – সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকিবলৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা -কৰ্মী তথা মন্ত্ৰী -বিধায়কলৈ আহ্বান জনায়৷