NORTHEAST NOW (Assamese)
Popular Stories

স্বামীৰ লগত থাকিবলৈ লণ্ডনলৈ যোৱাৰ পথত নৱবিবাহিতাৰ মৃত্যুঃ ৩০ ছেকেণ্ডত সকলো কাঢ়ি নিলে নিয়তিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2025 12:42 pm

মাত্ৰ ৩০ ছেকেণ্ডত সকলো শেষ হৈ পৰিল এয়াৰ ইণ্ডিয়া এআই১৭১ দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱা লোকসকলৰ কান্দোনত বতাহ ক্ৰমান্বয়ে গধুৰ হৈ পৰিছে। নৱবিবাহিত কন্যাক হেৰুৱাই চিকিৎসালয়ৰ সন্মুখত হিয়া ধাকুৰি কান্দিছে ৰাজস্থানৰ মদন সিঙে

ঘটনা অনুসৰি ৰাজস্থানৰ এগৰাকী যুৱতী খুছবু লণ্ডনত থকা চিকিৎসক স্বামীৰ ওচৰলৈ গৈ আছিল। দেউতাকে তেওঁক এয়াৰপৰ্টত থৈ আহিছিল। লণ্ডনৰ বিমানবন্দৰৰ পৰা খুছবুক নিয়াৰ কথা আছিল স্বামী। নতুন পৰিয়াল গঢ়ি তোলাৰ সপোন লৈ তেওঁ বিমানত বহিছিল। কিন্তু শেষত সেয়া সম্ভৱ হৈ উঠিল

উল্লেখ্য যে, ৰাজস্থানৰ বালোতৰা জিলাৰ বাসিন্দা খুছবু সিং। ২ মাহ পূৰ্বে লণ্ডনত থকা চিকিৎসক বিপুলৰ লগত বিয়া হৈছিল। স্বামী লণ্ডনলৈ ঘূৰি গ’লেও খুছবুৱে ভিছা আৰু অন্যান্য নথি-পত্ৰৰ বাবে অপেক্ষা কৰি আছিল। সেই ক্লিয়াৰেন্স পোৱাৰ পাছত বুধবাৰে নিশা আহমেদাবাদ পাইছিলহি।

পিতৃ কন্যাক বিমানবন্দৰত থৈ উভতি আহিছিল। ঠিক তেতিয়াই খবৰ আহি যে ছোৱালীজনী থকা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। খবৰ পাই লগে লগে তেওঁ অঞ্চলটোলৈ যায়। কিন্তু এতিয়া ডিএনএ টেষ্ট কৰি ছোৱালীজনীৰ মৃতদেহ চিনাক্ত কৰিব লাগিব।

বিমানখনৰ ধ্বংসাৱশেষ এতিয়াও দুৰ্ঘটনাস্থলীত থকা জৰাজীৰ্ণ আৱাসত আবদ্ধ হৈ আছে। দুৰ্ঘটনাস্থলীত কলা পোৰা চিন মাত্ৰ