NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত এগৰাকী জনজাতীয় মুখ্যমন্ত্ৰীৰ দাবী বিজেপিৰ সহযোগী আইপিএফটিৰ

Posted by: এন ই নাও নিউজ March 5, 2018 11:09 am
agartala-bjp-678x381

ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰজোঁটে একক সংখ্যগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ প্ৰস্তুতি চলোৱাৰ সময়তে মিত্ৰজোঁটৰ মাজত মতান্তৰ ঘটাৰ সম্ভৱনা দেখা দিছে। বিজেপিৰ জনজাতীয় সহযোগী দল আইপিএফটি (ইণ্ডিজেনাওছ পীপলছ ফ্ৰন্ট) য়ে দাবী কৰিছে যে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীগৰাকী এগৰাকী জনজাতীয় লোক হোৱা উচিত।

ত্ৰিপুৰা বিজেপিৰ মুৰব্বী বিপ্লৱ দেৱক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰায় নিশ্চিত কৰি বিজেপিয়ে তেওঁৰ সমষ্টি আগৰতলাৰ বনমালীপুৰত সমৰ্থকৰ সৈতে বিজয় উৎসৱ উদযাপন কৰি থকাৰ মাজতে এই দাবী উত্থাপিত হৈছে।

আইপিএফটিৰ সভাপতি এন চি দেৱ বাৰ্মাই ইয়াৰ সহযোগী বিজেপিৰ অজানিতে প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সভাত  এগৰাকী জনজাতীয় মুখ্যমন্ত্ৰীৰ দাবী উত্থাপন কৰিছে।

জানিব পৰা মতে দেৱ বাৰ্মাই কৈছে যে নিৰ্বাচনী ফলাফলত বিজেপি-আইপিএফটি মিত্ৰজোঁটে লাভ কৰা নিৰংকুশ সংখ্যাগৰিষ্ঠতা জনজাতীয় ভোটৰ অবিহনে সম্ভৱ নহ’লহেঁতেন।

11regNC
আইপিএফটিৰ নেতা এন চি দেৱ বাৰ্মা

তেওঁ মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা এগৰাকী জনজাতীয় প্ৰাৰ্থীক দিয়া উচিত বুলি দাবী কৰিছে। স্বাভাৱিকতে বিধায়িনী দলৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হোৱাটো এটা পৰম্পৰা।

বিপ্লৱ দেৱ সম্পৰ্কত অৱশ্যে নেতাগৰাকীয়ে কোনো মন্তৱ্য দিবলৈ অস্বীকাৰ কৰে। আনহাতে, কোন গৰাকী জনজাতীয় নেতাক মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব লাগে সেই বিষয়েও দেৱ বাৰ্মাই কোনোধৰণৰ ইংগিত দাঙি ধৰা নাই। তেওঁ মাথোঁ কয় যে আলোচনাৰ পিছতে সেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

বিজেপিৰ ত্ৰিপুৰাৰ দায়িত্বত থকা নেতা সুনীল দেওধৰে দেৱ বাৰ্মাৰ এনে বক্তৱ্য সম্পৰ্কে অজ্ঞাত বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ফলাফল ঘোষণা কৰাৰ পিছতে দেৱ বাৰ্মাই ব্যক্ত কৰিছিল যে আইপিএফটিয়ে এখন সুকীয়া জনজাতীয় ৰাজ্য বা ‘’তিপ্ৰালেণ্ড’’ৰ দাবীটো অব্যাহত ৰাখিব।