NORTHEAST NOW (Assamese)
Popular Stories

সাম্প্ৰদায়িক হিংসাত উত্তপ্ত ছুইডেন : আৰক্ষীৰ বাহনত অগ্নিসংযোগ বিক্ষোভকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 3:28 pm
index.jpg

সাম্প্ৰদায়িক হিংসাত উত্তপ্ত হৈ পৰিছে ছুইডেনৰ দক্ষিণ প্ৰান্তৰ চহৰ মালমো।

হিংসাত্মক ঘটনাৰ সমান্তৰালভাৱে চহৰখনত বিক্ষোভকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে ৰাজহুৱা সম্পত্তিও অনিষ্ট কৰা পৰিলক্ষিত হৈছে।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি ৰাচমুচ পালদান নামৰ এগৰাকী কট্টৰপন্থী দানিশ নেতাৰ ছুইডেনৰ মালমো চহৰত এখন সভা আহ্বান কৰা হৈছিল।

স্থানীয় প্ৰশাসনে নেতাজনৰ সভাখন বাধা প্ৰদান কৰাৰ ফলত উক্ত সভাখন অনুষ্ঠিত কৰিব নোৱাৰিলে আয়োজকসকলে।

ইফালে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে মালমো আৰক্ষীয়ে সভাখন বন্ধ কৰিবলৈ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰে।

এই খবৰ বিয়পি পৰাৰ লগে লগে কট্টৰপন্থী নেতাজনৰ অনুগামীসকলে চহৰখনত বিক্ষোভ প্ৰদৰ্শন কৰি সমগ্ৰ চহৰখন উত্তপ্ত কৰি তোলে।

সময় যোৱাৰ লগে লগে এই বিক্ষোভে সাম্প্ৰদায়িক হিংসালৈ ৰূপান্তৰ হয়।

শুকুৰবাৰে সন্ধিয়া মালমো চহৰৰ ৰাজপথত মুছলমান সম্প্ৰদায়ৰ ৩০০ৰো অধিক লোকে মিছিল উলিয়াই ৰাজহুৱা সম্পদ অনিষ্ট কৰাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।

বিক্ষোভকাৰীসকলে আৰক্ষীৰ বাহনতো অগ্নি সংযোগ কৰে। সন্ত্ৰস্ত সাধাৰণ জনতা ঘৰৰ ভিতৰত সোমাই থকা পৰিলক্ষিত হয়।

ইয়াৰ সুযোগতে বিক্ষোভকাৰীসকলে চহৰখনৰ বিভিন্ন ঠাইত বিক্ষোভ প্ৰদৰ্শনৰ নামত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ লগতে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে।