NORTHEAST NOW (Assamese)
অসম

এ পি এছ চিৰ কেলেংকাৰি : গ্ৰেপ্তাৰ কৰা ১৯ জন ৰাজপত্ৰিত বিষয়াক আজি হাজিৰ কৰোৱা হ’ব আদালতত

Posted by: এন ই নাও নিউজ July 19, 2018 9:44 am
এ পি এছ চিৰ কেলেংকাৰি : গ্ৰেপ্তাৰ কৰা ১৯ জন ৰাজপত্ৰিত বিষয়াক আজি হাজিৰ কৰোৱা হ’ব আদালতত

বুধবাৰে এ পি এছ চি কেলেংকাৰিৰ ঘটনা সন্দৰ্ভত হস্তাক্ষৰৰ নমুনা দিবলৈ অহা ১৯ গৰাকী ৰাজপত্ৰিত বিষয়াক কাহিলিপাৰাস্থিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হ’ব। আৰু আদালতত আটাইকেইগৰাকীকে ১৪ দিনৰ জিম্মাত আৰক্ষীয়ে বিচাৰিব বুলি জানিব পৰা গৈছে।

বুধবাৰে গ্ৰেপ্তাৰ কৰা ১৯ জনৰ ভিতৰত ৩ গৰাকীক পাণবজাৰ থানাত, ৮ গৰাকীক মহিলা অভিযুক্তক পাণবজাৰ মহিলা থানাত আৰু আন অভিযুক্ত কেইগৰাকীক কাহিলিপাৰাৰ বিশেষ শাখাত ৰখা হয়।

উল্লেখযোগ্য যে পাণবজাৰ মহিলা থানাৰ লক আপত আবদ্ধ সাংসদ আৰ পি শৰ্মাৰ জীয়ৰীকে ধৰি ৮ গৰাকী মহিলা  ৰাজপত্ৰিত বিষয়াই আভিজাত্য ত্যাগ কৰি সাধাৰণ অপৰধীৰ দৰে নিশাটো পাৰ কৰিব লগীয়া হয়।

যিহেতু নিশা থানাৰ ভাত, দাইল আৰু পনীৰৰ তৰকাৰী খাই আজি পুৱা পুনৰ দুখন বিস্কুটেৰে চাহ খাব লগীয়া হয় মহিলা ৰাজপত্ৰিত বিষয়া কেইগৰাকীয়ে।