NORTHEAST NOW (Assamese)
Popular Stories

চিনো চিনো লাগে, চিনিবই নোৱাৰি! মোহময়ী আয়েশা টাকিয়াৰ এই ৰূপ দেখি হতবাক অনুৰাগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2024 11:58 am

অভিনয় জগতৰ পৰা আঁতৰি গৈছে আয়েশা টাকিয়াই। বিয়াৰ পিছত তেওঁ নিজৰ পৰিয়ালক লৈ ব্যস্ত হৈ পৰিছে। শুকুৰবাৰে বহুদিনৰ মূৰত তেওঁক বিমানবন্দৰত দেখা গ’ল। পাপাৰাজীয়ে তেওঁৰ ছবি শ্বেয়াৰ কৰাৰ পিছতে অনুৰাগীসকল স্তম্ভিত হৈ পৰে। আয়েশাৰ চেহেৰা বহুত সলনি হৈ গৈছে। ওজনো বঢ়া যেন দেখা গৈছে।

বিভিন্নজনে  লিখিবলৈ ধৰিলে যে তেওঁ এসময়ত ইমান ধুনীয়া আছিল আৰু এতিয়া  কিয় এনেকুৱা দেখা গৈছে। আয়েশাৰ চেহেৰা সলনি কৰিবলৈ কৰা অস্ত্ৰোপচাৰৰ বিষয়েও চৰ্চা হৈছে। অৱশ্যে এই কথা অস্বীকাৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃ ডোনাল্ড ট্ৰাম্পৰ দশা! জালিয়াতিৰ গোচৰত ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহিলে আদালতে

ভাইৰেল ভায়নীৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে ভিডিঅ’টো। আয়েশাই গাঢ় নীলা ৰঙৰ চালোৱাৰ চুট পিন্ধি দুপাট্টা লৈছে, দীঘল চুলিখিনি তললৈ নমাই ৰাখিছে। ইয়াৰ পূৰ্বে তেওঁ ক’লা মাস্ক পিন্ধিছিল আৰু ফটোগ্ৰাফাৰসকলে তেওঁক অনুৰোধ কৰাত মাস্কখন আঁতৰাই দিয়ে। তেওঁৰ পুত্ৰ মিখাইলও অভিনেত্ৰীগৰাকীৰ সৈতে আছিল। তেওঁ সেউজীয়া চাৰ্ট আৰু ক’লা পেণ্ট পিন্ধিছে।

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

কমেন্টৰ অংশত এজন অনুৰাগীয়ে লিখিছে, ‘তেওঁ ইমান ধুনীয়া, অস্ত্ৰোপচাৰৰ পিছত তেওঁ কি হৈ পৰিছে।’ আন এজন ইউজাৰে কৈছে, ‘কি আছিল… আৰু কি হৈ গ’ল।’ এজনৰ মন্তব্য, ‘অস্ত্ৰোপচাৰৰ পিছত মুখখন নষ্ট হৈ গৈছে। আগতে তেওঁৰ সৌন্দৰ্য্য স্বাভাৱিক আছিল। আন এজনে আকৌ ক’লে, ‘হে ভগৱান, তুমি এওঁৰ কি কৰিলা?’ এজন বিশেষ অনুৰাগীৰ কথাত, `সন্মুখত দেখিলে চিনিবই নোৱাৰিহেঁতেন।‘

আয়েশাৰ শেষৰখন ছবি আছিল ২০১১ চনত `মোড’। ২০০৯ চনত প্ৰেমিক ফাৰহান আজমীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ফাৰহান হৈছে সমাজবাদী পাৰ্টিৰ নেতা আবু আজমীৰ পুত্ৰ। আয়েশাই বিয়াৰ পিছত ইছলাম ধৰ্ম গ্ৰহণ কৰে।