NORTHEAST NOW (Assamese)
অসম

চাহ জনগোষ্ঠীয় জাতীয় উৎসৱ কৰম পূজাৰ চৰকাৰী বন্ধৰ দাবীত পেঙেৰিত সাংস্কৃতিক প্ৰতিবাদ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 29, 2020 7:13 pm
index.jpgaaaa

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই জনগোষ্ঠীটোৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী জনাই আহিছে।

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰিত চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সহযোগত আৰু পেঙেৰি শাখা সমিতিৰ উদ্যোগত আজি এই দাবীত সাংস্কৃতিক প্ৰতিবাদ সাৱ্যস্ত কৰে আটছা-এ।

জাতীয় সাজ পৰিধান কৰি কৰমডাল হাতত লৈ মাদলৰ চেৱে চেৱে নাচি ছাত্ৰ সংগঠনটোৰ সদস্য সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে৷

ভাদ মাহৰ শুক্লা একদক্ষী তিথিৰ দিনা চাহ জনগোষ্ঠী জাতীয় উৎসৱ কৰম উৎসৱ উপলক্ষে চৰকাৰী বন্ধৰ ঘোষণা কৰাৰ দাবীত এই সাংস্কৃতিক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষি কৰ্মৰ সৈতে জড়িত কৰম পূজাত চৰকাৰী বন্ধৰ মৰ্যাদা দিয়াৰ বাবে দীৰ্ঘদিনীয়া ধৰি ৰাজ্য চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-সংগঠনটোৱে।

অনাগত দিনত ৰাজ্য চৰকাৰে চাহ-জনজাতি ছাত্ৰ সন্থাৰ দাবী সমূহ সম্পূৰ্ণ ৰূপে কাৰ্যকৰী নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব বুলি ৰাজ্য চৰকাৰক হুংকাৰ দিয়ে সংগঠনটোৱে।