NORTHEAST NOW (Assamese)
Popular Stories

বাইক-মোবাইল ক্ৰয় কৰিবলৈ নিজ শিশু কন্যাক বিক্ৰী কৰিলে এগৰাকী পিতৃয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 30, 2020 8:21 pm
newborns-effort-facilities-needed-pregnant-provide-basic_78e8dd6e-7ab6-11e8-8d5f-3f0c905295d2

এগৰাকী পিতৃয়ে বাইক আৰু মোবাইল ফোন ক্ৰয় কৰিবলৈ নিজ কন্যাক বিক্ৰী কৰাৰ দৰে এক নিষ্ঠুৰ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে।

ঘটনাৰ বিৱৰণী অনুসৰি কৰ্ণাটকৰ চিক্কাবালপুৰৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে।

বাংগালুৰুৰ পৰা মাত্ৰ ৭০ কিলোমিটাৰ নিলগৰ চিক্কাবালপুৰৰ চিন্তামণি মৌজাৰ অন্তৰ্গত টিনাকাল গাঁৱৰ এগৰাকী লোকৰ পত্নীয়ে তিনি মাহৰ পূৰ্বে এটি কন্যা সন্তান জন্ম দিছিল।

পেছাত কৃষক লোকজনে উক্ত নৱজাতক কন্যাটি ১ লাখ টকাৰ বিনিময়ত অন্য এক দম্পতিৰ হাত বিক্ৰী কৰিছিল।

লোকজনৰ প্ৰতিৱেশীয়ে এই সমস্ত ঘটনাক্ৰম জানিব পাৰি স্থানীয় প্ৰশাসনক খবৰ দিয়ে।

ইয়াৰ পিছতে নাৰী ও শিশু কল্যাণ বিভাগৰ বিষয়াই অভিযুক্তৰ পত্নীৰ ওচৰত উপস্থিত হৈ সমস্ত ঘটনা শুনাৰ পিছত কন্যা শিশুটিক উদ্ধাৰ কৰি মাতৃৰ হাতত গতাই দিয়ে।

পত্নী তথা কন্যাটিৰ মাতৃয়ে বিষয়াসকলক জনাইছে যে বাইক আৰু মোবাইল ফোন ক্ৰয় কৰিবলৈ তেওঁৰ স্বামীয়ে কন্যা সন্তানটিক ১ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল।

ইফালে ঘটনাটো পোহৰলৈ অহাৰ পিছতে অভিযুক্ত পিতৃজনে ঘৰৰ পৰা পলায়ন কৰি আত্মগোপন কৰিছে।

আৰক্ষীয়ে অভিযুক্ত পিতৃ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ চাৰিওফালে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।