NORTHEAST NOW (Assamese)
অসম

মোদীৰ ‘মন কী বাত’য়ে হেৰুৱাইছে জনপ্ৰিয়তা! য়ুটিউবত ডিছলাইকৰ জোৱাৰত কিহৰ ইংগিত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 9:03 am
WhatsApp Image 2020-08-31 at 8.27.03 AM

দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৬৮সংখ্যক ‘মন কী বাত’ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত গুৰত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে শিশুসকলক অধ্যয়নৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ বাবে পুতলা ব্যৱহাৰৰ কথাও ক’লে।

প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিত সেইবাবেই খেলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলিও সদৰী কৰিছে।

পিচে, সমগ্ৰ দেশতে JEE-NEET পৰীক্ষাক লৈ যিসময়ত তীব্ৰ বিতৰ্কৰ সূচনা হৈছে, সেই সময়ত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ‘মন কী বাত’ত এই বিষয়ে এটা শব্দও উচ্চাৰণ নকৰিলে।

ইয়াকে লৈ ৰাহুল গান্ধীৰ দৰে বিৰোধী নেতাই তীব্ৰ কটাক্ষও কৰিছে। কিন্তু কেবল বিৰোধীয়েই নহয়, প্ৰধান মন্ত্ৰী মোদীৰ ‘মন কী বাত’কলৈ সাধাৰণ নাগৰিকেও প্ৰশ্ন তুলিছে।

দেওবাৰে প্ৰধান মন্ত্ৰীৰ ‘মন কী বাত’ সমপ্ৰচাৰৰ পূৰ্বেই ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হয়। এই ট্ৰেণ্ডিং আছিল JEE-NEET পৰীক্ষাক লৈ কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ।

আনহাতে, দেওবাৰে বিজেপিয়ে শ্বেয়াৰ কৰা য়ুটিউবত মোদীৰ ‘মন কী বাত’ৰ ভিডিঅ’ত দেখা গ’ল ডিছলাইকৰ জোৱাৰ।

দেওবাৰে য়ুটিউবত শ্বেয়াৰ কৰা ‘মন কী বাত’ৰ ভিডিঅ’ত শেহতীয়াভাৱে ৮.৬হাজাৰ লোকে লাইক কৰাৰ বিপৰীতে ডিছলাইক কৰিছে ১লাখ ১০হাজাৰ লোকে। ইমান বৃহৎ সংখ্যাত কৰা অপছন্দৰ বিষয়টোৱে স্বাভাৱিকতে বিজেপিক চিন্তাত পেলাইছে।

এটা কথা স্পষ্ট হৈ পৰিছে যে  JEE-NEET পৰীক্ষাক লৈ কেন্দ্ৰৰ সিদ্ধান্তত দেশৰ বহু শিক্ষাৰ্থীয়ে অসন্তুষ্ট আৰু দেওবাৰৰ ‘মন কী বাত’ৰ অপছন্দৰ এই জোৱাৰো তাৰেই প্ৰতিফলন বুলি বহুতেই ক’ব খোজে।